অসম

assam

ETV Bharat / state

ধিঙৰ পথাৰত চহা কৃষকৰ ৰূপত মেহবুব মুক্তাৰ - RAIJOR DAL

AIUDFৰ দুৰ্গ ধিং সমষ্টিত ৰাইজৰ দলৰ পথাৰ আৰু বজাৰ দখলৰ অভিযান । পথাৰত ভূঁই ৰুই পৰমুখাপেক্ষী নহ’বলৈ সকলোকে আহ্বান জনায় দলটোৰ মুখপাত্ৰ মেহবুব মুক্তাৰে ।

Raijor Dal spokesperson Mehboob Muktar is busy in the paddy fields
চহা কৃষকৰ ৰূপত মেহবুব মুক্তাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 7:57 PM IST

ধিং : প্ৰথমে অসমীয়াৰ হাতলৈ আহিব লাগিব পথাৰ আৰু বজাৰ । যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ দখল কৰি নিজৰ অধীনত ৰাখিব পাৰে, সেই জাতিক কোনো শক্তিয়ে শোষণ কৰিব নোৱাৰে । ৰাজ্য বা দেশৰ পথাৰ আৰু বজাৰ নিজৰ হাতত থাকিলেহে এখন ৰাজ্য বা দেশ স্ব-নিৰ্ভৰশীল হ’ব পাৰে । এনে স্ব-নিৰ্ভৰশীল দেশ বা জাতি পৰমুখাপেক্ষী হ’ব নালাগে ।

নগাঁও জিলাৰ এ আই ইউ ডি এফৰ দুৰ্গ ধিং সমষ্টিটো ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আগন্তুক ২০২৬ বৰ্ষত দখলৰ বাবে টাৰ্গেট কৰি লোৱাৰ পাছত সম্প্ৰতি সমষ্টিটোত অধিক সক্ৰিয় হৈ পৰিছে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকল । যোৱা মধ্যকালীন লোকসভা নিৰ্বাচনৰ পাছৰ পৰাই ধিং সমষ্টিত এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বিপৰীতে জনপ্ৰিয়তা বৃদ্ধি পাইছে ৰাইজৰ দলৰ । এনে জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কংগ্ৰেছৰে মিত্ৰতা হওঁক বা নহওঁক ধিং সমষ্টিত ৰাইজৰ দলে ২০২৬ ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছে ।

ধিঙৰ পথাৰত চহা কৃষকৰ ৰূপত মেহবুব মুক্তাৰ (ETV Bharat)

কিন্তু সমষ্টিটোত নিৰ্বাচন খেলি নিজৰ দখললৈ অনাৰ পূৰ্বেই ধিং সমষ্টিৰ পথাৰ আৰু বজাৰ দখল কৰাৰ শ্ল'গানেৰে ৰাইজৰ দলে চলাইছে অসমীয়াগিৰি । সোমবাৰে ধিঙৰ বৰভেঁটিত ৰাইজৰ দলৰ এগৰাকী কৰ্মীৰ খেতি পথাৰত বৰো ধানৰ ভূঁই ৰুই ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰে চলাই পথাৰ আৰু বজাৰ দখলৰ অভিযান । মুখপাত্ৰ মেহবুব মুক্তাৰে দলীয় সতীৰ্থ সৈতে বেছামাৰী আঞ্চলিকৰ ৰাইজৰ দলৰ সভাপতি আশ্বাদুল ইছলামৰ বৰো খেতিৰ ভূঁই ৰুই কৃষক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।

দলৰ সতীৰ্থসকলৰ সৈতে ভূঁই ৰুই মুখপাত্ৰগৰাকীয়ে কৃষক ৰাইজক আকৃষ্ট কৰে । তেওঁ কয়, ‘‘আজি আমাৰ দলীয় সতীৰ্থ এজনৰ খেতিত কঠীয়া ৰুই শ্ৰমদানেৰে তেওঁক আৰ্থিকভাৱে সকাহ দিছো ৷ এই কাৰ্যসূচী আমি ৰাইজৰ দলে লৈছো ৷’’ ‘‘যেতিয়ালৈকে পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব, তেতিয়ালৈকে অসমত অসমীয়াৰ কথা চলিব ৷’’ মুখপাত্ৰ মেহবুব মুক্তাৰে ৷

মেহবুব মুক্তাৰ (ETV Bharat)

মুক্তাৰক এই অভিযানত সংগ দিয়ে ধিং সমষ্টি কমিটীৰ কৰ্মকৰ্তা ছোৱেল মস্তোফা, ৰাতুল আহমেদ, মেৰিন মুক্তাৰ, ৰফিক আহমেদ, আশ্বাদুল ইছলাম, মহনুদ্দিন আহমেদকে প্ৰমোখ্য কৰি বহু সংখ্যক কৰ্মীয়ে । ৰাইজৰ দলৰ এনে পদক্ষেপে পথাৰ বা বজাৰ দখলত ৰাইজক কিমান সফল কৰে, সেয়া সতকাই ক’ব নোৱাৰি যদিও বিধায়ক আমিনুল ইছলামৰ ৰাজনীতিৰ পথাৰ আৰু বজাৰখনত যে বিৰূপ প্ৰভাৱ পেলাব সেয়া প্ৰায় নিশ্চিত ৷

লগতে পঢ়ক :দাদাই দিলেও বিধাতাই দিয়া নাই নেকি অসমৰ এগৰাকী ৰাজনৈতিক নেতাক ?

ABOUT THE AUTHOR

...view details