অসম

assam

ETV Bharat / state

নগাঁৱত বাধাৰ সন্মুখীন ৰাহুল গান্ধী, বাতিল হ’ল বটদ্ৰৱা যাত্ৰা

Bharat Jodo Nyay Yatra: নগাঁৱত বাধাৰ সন্মুখীন হৈ মৰিগাঁও দিশে ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী । হয়বৰগাঁৱত দুই ঘণ্টা সময় ৰাজপথতেই বহি থাকি বটদ্ৰৱা যাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে । বটদ্ৰৱা যাত্ৰা বাতিল কৰি মৰিগাঁও দিশে ৰাওনা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ।

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 1:17 PM IST

Updated : Jan 22, 2024, 2:48 PM IST

rahul gandhi canceled visit to Batadrava and headed towards Morigaon
ৰাজপথতেই বহি পৰিল ভাৰত জোড়ো ন্যায় যাত্ৰা

বাতিল হ’ল বটদ্ৰৱা যাত্ৰা, কেম্পৰ দিশে ৰাওনা ৰাহুল

নগাঁও, 22 জানুৱাৰী:দুই ঘণ্টা সময় ৰাজপথত আৱদ্ধ হৈ থকাৰ পিছত মৰিগাঁও দিশে ৰাওনা হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । নগাঁৱৰ হয়বৰগাঁৱত পথ বন্ধ কৰি দিয়াৰ ফলত পুৱা 8 বাজি 45 মিনিটৰ পৰা 10 বাজি 45 মিনিট পৰ্যন্ত দুই ঘণ্টা সময় ৰাজপথতে বহি থাকে ৰাহুল গান্ধীৰ লগতে ভাৰত জোড়ো ন্যায় যাত্ৰা । দুই ঘণ্টাৰ অধিক সময় আৱদ্ধ হৈ থকাৰ পিছত অস্থায়ী কেম্পৰ দিশে ৰাওনা হয় কংগ্ৰেছ নেতাজন । দুই বজাৰ পৰা পুনৰ কাৰ্যসূচী অনুযায়ী ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷

ৰাজপথতেই বহি পৰিল ভাৰত জোড়ো ন্যায় যাত্ৰা

উল্লেখ্য যে, অসমত প্ৰৱেশৰ সময়ৰে পৰাই বিভিন্ন বাধাৰ সন্মুখীন হৈ অহা ভাৰত জোড়ো ন্যায় যাত্ৰাইদেওবাৰে সন্ধিয়া বহু বাধা অতিক্ৰমী নগাঁৱৰ ৰূপহীহাটত উপস্থিত হৈছিল । সোমবাৰৰ পুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱালৈ যোৱাৰ কাৰ্যসূচী আছিল ৰাহুল গান্ধীৰ । কিন্তু পুৱা 8 বাজি 45 মিনিটতেই ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দল নগাঁৱৰ হয়বৰগাঁৱত উপস্থিত হয় যদিও হয়বৰগাঁৱত পথ বন্ধ কৰি দিয়ে নগাঁও আৰক্ষীয়ে । আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাত আৰক্ষীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বটদ্ৰৱালৈ আগবঢ়াত বাধা প্ৰদান কৰাত ৰাজপথতে আৱদ্ধ হৈ থাকিবলগীয়া হয় ৰাহুল গান্ধীসহ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দল ।

ৰাজপথতেই বহি পৰিল ভাৰত জোড়ো ন্যায় যাত্ৰা

ফলত দুই ঘণ্টা সময় হয়বৰগাঁৱৰ ৰাজপথত বহি থাকিল ৰাহুল গান্ধীসহ কংগ্ৰেছ দলটো । অৱশেষত দুই ঘণ্টাৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে বিধায়িকা শিবামনি বৰাক লগত লৈ বটদ্ৰৱা থানত উপস্থিত হয় আৰু প্ৰসাদ গ্ৰহণ কৰি ৰাহুল গান্ধীৰ কাষত উপস্থিত হয় । থান পৰিচালনা সমিতিয়ে তিনি বজাৰ পিছত থানত প্ৰৱেশৰ অনুমতি প্ৰদান কৰাত পুৱাৰ বটদ্ৰৱা থানৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হয় ৰাহুল গান্ধীয়ে ।

অৱশেষত দুই ঘণ্টা সময় ৰাজপথতে কটোৱাৰ পিছত বটদ্ৰৱা কাৰ্যসূচী বাতিল কৰে ৰাহুল গান্ধীয়ে । এই সন্দৰ্ভত বিগত 11 জানুৱাৰীতেই থান পৰিচালনা সমিতিৰ পৰা আমন্ত্ৰণ লাভ কৰাৰ কথা উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । বটদ্ৰৱা কাৰ্যসূচী বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈ, কেন্দ্ৰীয় কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ লগতে কংগ্ৰেছ নেতা কানহাইয়া কুমাৰে ।

লগতে পঢ়ক:বিয়লি 3 বজাৰ পিচতহে বটদ্ৰৱা থানত প্ৰৱেশৰ অনুমতি ৰাহুল গান্ধীক

Last Updated : Jan 22, 2024, 2:48 PM IST

ABOUT THE AUTHOR

...view details