গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: পূৰবী ডেইৰীয়ে ভাৰতীয় তেল নিগম (আইঅ'চিএল)ৰ সহযোগিতাত খানাপাৰাৰ আই অ'চিএল পেট্ৰ'ল পাম্প মাৰৱেটত এখন দুগ্ধ বিপণি মুকলি কৰে । পূৰবী ডেইৰী ব্ৰেণ্ডক পৰিচালনা কৰা পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে (ৱামুল) গুৱাহাটীৰ খানাপাৰাত এই বিপণি স্থাপন কৰিছে । এই দুগ্ধ বিপণিয়ে সাধাৰণ ৰাইজ আৰু উজনি অসমলৈ যোৱা বিভিন্ন যাত্ৰী তথা পৰ্যটকক সতেজ গাখীৰ আৰু লাচ্চি, দৈ,সতেজ ক্ৰীম, ঘিউ, পনীৰ ইত্যাদি দুগ্ধজাত সামগ্ৰী লাভ কৰাত সহায় কৰিব ।
ৱামুলে বিভিন্ন গুৰুত্বপূৰ্ণ আৰু ব্যস্ত অঞ্চলত পূৰ্ব-নিৰ্মিত পূৰবী দুগ্ধ বিপণি মুকলি কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুগ্ধ খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে । প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত স্থাপন কৰা বহুসংখ্যক পূৰবী দুগ্ধ বিপণিয়ে ইতিমধ্যে গ্ৰাহকৰ বাবে পূৰবী আৰু মাডাৰ ডেইৰীৰ বিভিন্ন প্ৰকাৰ তথা মূল্যৰ সামগ্ৰী উপলব্ধ কৰি আহিছে । এই দুগ্ধ বিপণি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ সহকাৰী সঞ্চালকপ্ৰধান (আৰ এছ-এন এফ আৰ এণ্ড এ ই) মৃণাল তালুকদাৰ, নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল )ৰ মুখ্য বিত্তীয় বিষয়া চিৰাগ সেৱক আৰু ৱামুলৰ বিপণন বিভাগৰ মুৰব্বী এছ এম হুছেইন ।