অসম

assam

ETV Bharat / state

বিয়াঘৰত জিলিকিল অসমীয়া পৰম্পৰা, প্ৰদৰ্শিত হ'ল ঐতিহ্যপূৰ্ণ পুতলা নাচ - PUPPET DANCE IN NALBARI

নলবাৰীত এখন ব্যতিক্ৰমী বিয়াক লৈ ব্যাপক চৰ্চা । বিয়াঘৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল পুতলা নাচ প্ৰদৰ্শনী ।

Puppet Dance performed at a unique wedding party in Nalbari
বিয়াঘৰত পুতলা নাচ, জিলিকিল অসমীয়া পৰম্পৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 8:37 PM IST

নলবাৰী:ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমৰ কৃষ্টি সংস্কৃতিৰ অন্যতম নিদৰ্শন পুতলা নাচক এইবাৰ স্থান দিয়া হ'ল বিয়াঘৰত । নলবাৰীৰ এখন বিবাহস্থলীত দেখা গ'ল এই ব্যতিক্ৰমী পদক্ষেপ । বিয়ালৈ অহা প্ৰতিজনে উপভোগ কৰিলে পুতলা নাচৰ প্ৰদৰ্শনী । নলবাৰীৰ এহাল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বিবাহ অনুষ্ঠানত লোৱা এনে পদক্ষেপক লৈ এতিয়া সমগ্ৰ নলবাৰী জিলাতেই চৰ্চিত হৈ পৰিছে বিয়াখন ।

আমেৰিকাত গৱেষণাৰত চিকিৎসক নলবাৰীৰ ডাঃ অনিৰ্বাণ দত্তৰ বিয়াত দেখিবলৈ পোৱা গ’ল এই ব্যতিক্ৰমী পৰিৱেশ । চিকিৎসক ডাঃ ভূবনেশ্বৰ দত্ত আৰু কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ কবিতা চৌধুৰীৰ পুত্ৰ ডাঃ অনিৰ্বাণ দত্তৰ শুভ লগনত নৱপ্ৰজন্মৰ লগতে বিবাহলৈ অহা প্ৰতিগৰাকী অতিথিক এনেদৰে আপ্যায়ন কৰাক লৈ সকলোৰে মনত আনন্দ ।

বিয়াঘৰত পুতলা নাচ, জিলিকিল অসমীয়া পৰম্পৰা (ETV Bharat Assam)

শিপা পাহৰি নোযোৱাকৈ ডাঃ ভূৱনেশ্বৰ দত্তৰ নলবাৰীৰ নিজ বাসগৃহত অনুষ্ঠিত হ'ল বিয়াৰ এই আকৰ্ষণীয় অনুষ্ঠান । আনহাতে বিয়াৰ ৰভাঘৰেও আকৰ্ষিত কৰি তোলে সকলো নিমন্ত্ৰিত অতিথিক । বাঁহ, খেৰ, গামোছা, জাপিৰ লগতে সম্পূৰ্ণ অসমীয়া সংস্কৃতিৰ পৰিচায়ক কৃষ্টিৰে নিৰ্মাণ কৰা হয় প্ৰৱেশ তোৰণো । যাৰ বাবে সকলোৱে তোৰণখনৰ ওচৰত একপি ছেলফি অথবা ফটো উঠি সামাজিক মাধ্যমৰ যোগেদিও বিয়াখনক প্ৰশংসাৰে উপচাই পেলায় ।

এনেদৰে সকলোৰে মন আপ্লুত কৰিব পৰাকৈ ৰভাঘৰ, অভ্যৰ্থনা,পৰিচালনা আৰু পুতলা নাচৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি আয়োজিত এজন চিকিৎসক আৰু এগৰাকী প্ৰবক্তাৰ পুত্ৰৰ এই বিয়াখন, সমগ্ৰ নলবাৰী জিলাৰেই এক আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হয় ।

বিয়ালৈ অহা অতিথিসকলেও এইসমূহ আয়োজনক উচ্চ প্ৰশংসা কৰি অসমীয়া সমাজৰ বিয়াসমূহ এনেকুৱাই হোৱাটো কাম্য বুলি মতপ্ৰকাশ কৰে । আনহাতে বিয়াখনৰ প্ৰতিটো পৰ্ব সম্পূৰ্ণৰূপে প্লাষ্টিক বৰ্জনেৰে সম্পন্ন কৰোৱা কাৰ্যৰো সকলোৱে একমুখে শলাগ লয় ।

এই সন্দৰ্ভত দৰাৰ মাতৃ অধ্যাপিকা ড৹ কবিতা চৌধুৰীয়ে কয়,"আমেৰিকাত থাকে যদিও আমাৰ সন্তানে নিজৰ সংস্কৃতিৰ কথা পাহৰি যোৱাৰ মানসিকতা নাৰাখে । সিহঁত আমাৰ নীতি-নিয়ম, কৃষ্টি-সংস্কৃতিৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল । মই বিচাৰোঁ যে ভৱিষ্যতেও যদি তেওঁলোক বাহিৰতে থাকে বা থাকিবলগীয়া হয় তথাপিও যাতে তেওঁলোকে যাতে শিপা পাহৰি নাযায় ।"

লগতে পঢ়ক:শুভ্ৰতাৰ আঁচলৰ মাজত প্ৰদৰ্শিত গুৰুজনাৰ অমৰ সৃষ্টি - MRIDANGIYA GAYAN BAYAN

দুষ্প্ৰাপ্য জীৱকূল ৰক্ষাৰ হেতু সৃজনাত্মক কলাৰ জৰিয়তে সজাগতা সৃষ্টিত ব্ৰতী এজন যুৱ শিল্পী - VOICE OF ARTWORK

ABOUT THE AUTHOR

...view details