অসম

assam

ETV Bharat / state

উৰণ সেতু নিৰ্মাণৰ দাবীত লখিমপুৰত ৰাজপথলৈ ওলাই আহিল ৰাইজ - Public Protest in Lakhimpur - PUBLIC PROTEST IN LAKHIMPUR

Nakari railway crossing: লখিমপুৰৰ নকাৰীত শীঘ্ৰে উৰণ সেতু নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ স্থানীয় লোক । ৰে’লৱে ক্ৰচিঙত উৰণ সেতু নিৰ্মাণৰ বাবে ইতিমধ্যে চৰকাৰীভাৱে প্ৰস্তুতি কৰা হৈছে যদিও উৰণ সেতুখন নিৰ্মাণৰ কাম অতি লেহেমীয়া হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

Nakari railway crossing
উৰণ সেতু নিৰ্মাণৰ দাবীত লখিমপুৰত ৰাজপথলৈ ওলাই আহিল ৰাইজ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 3:58 PM IST

লখিমপুৰ, ২১ আগষ্ট: উৰণ সেতু নিৰ্মাণৰ দাবীত বুধবাৰে উত্তাল হৈ পৰে লখিমপুৰৰ নকাৰী ৷ লখিমপুৰ নগৰ এলেকাৰ নকাৰীস্থিত ৰে’লৱে ক্ৰচিঙত প্ৰস্তাৱিত উৰণ সেতু নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবীত উত্তাল হৈ পৰিল সমগ্ৰ অঞ্চল ৷ নকাৰীত উৰণ সেতু নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল অঞ্চলটোৰ শতাধিক লোক ।

উৰণ সেতু নিৰ্মাণৰ দাবীত লখিমপুৰত ৰাজপথলৈ ওলাই আহিল ৰাইজ (ETV Bharat Assam)

উল্লেখ্য যে, লখিমপুৰ নগৰ এলেকাৰ নকাৰীত থকা ৰে’লৱে ক্ৰচিঙত এখন উৰণ সেতু নিৰ্মাণৰ বাবে ইতিমধ্যে চৰকাৰীভাৱে প্ৰস্তুতি কৰা হৈছে । কিন্তু উৰণ সেতুখন নিৰ্মাণৰ কাম অতি লেহেমীয়া হোৱাৰ অভিযোগ তুলি আজি অঞ্চলটোৰ শ শ লোক পুৱা ৰে’লৱে ক্ৰচিঙৰ সমুখলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী স্থানীয় ৰাইজে অতি সোনকালে উৰণ সেতুখনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা স্থানীয় বিধায়ক মানৱ ডেকাক দাবী জনায় ৷

উৰণ সেতু নিৰ্মাণৰ দাবীত লখিমপুৰত ৰাজপথলৈ ওলাই আহিল ৰাইজ (ETV Bharat Assam)

লগতে পঢ়ক:বৰপেটাৰোডত একে নিশাই কেবাটাও মন্দিৰৰ মূৰ্তি ভাঙিলে দূস্কৃতিকাৰীয়ে: এজনক আটক - protest over Idols vandalised

ৰাইজে লগতে উৰণ সেতুখন নিৰ্মাণত পলম হ’লে পথ বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ৷ উল্লেখ্য যে, লখিমপুৰ নগৰৰ পৰা চাবতি সংযোগী পথত নকাৰীত আছে এই ৰে’লৱে ক্ৰচিংটো । এই পথটোৱে লীলাবাৰী বিমান বন্দৰ, লখিমপুৰ মেডিকেল কলেজ, সেনা শিবিৰ, আৰক্ষী বেটেলিয়নৰ শিবিৰ আদি বহু গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠানক সংযোগ কৰিছে ।

উৰণ সেতু নিৰ্মাণৰ দাবীত লখিমপুৰত ৰাজপথলৈ ওলাই আহিল ৰাইজ (ETV Bharat Assam)

অতি গুৰুত্বপূৰ্ণ এই পথটোত ৰে’লৱে ক্ৰচিঙত গেট বন্ধ থকাৰ বাবে ভীষণ সমস্যা সৃষ্টি হয় । বিশেষকৈ মেডিকেল কলেজলৈ নিয়া ৰোগীসকলৰ ক্ষেত্রত স্থানীয় লোক অবৰ্ণনীয় অৱস্থাৰ সন্মুখীন হয় । সেয়ে দীর্ঘদিন ধৰি এই ৰে’লৱে ক্ৰচিঙত এখন উৰণ সেতু নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাই আহিছে ।

লগতে পঢ়ক:উচ্ছেদৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Coal India

ABOUT THE AUTHOR

...view details