চিলাপথাৰ নগৰত বিধ্বস্ত পথ (ETV BHARAT ASSAM) জোনাই, ২১ মে’: উন্নয়নৰ শ্ল'গানেৰে মুখৰিত ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথো কাগজী শব্দ হৈয়ে ৰ’ল । গ্ৰামাঞ্চলৰ বহুতো ঠাইত যাতায়তৰ ক্ষেত্ৰত ৰাইজে ভুগিছে যমৰ যাতনা । গ্ৰামাঞ্চলৰ কথাটো বাদেই চহৰাঞ্চলতো এতিয়াও বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে একাংশ ৰাইজে ।
ধেমাজি জিলাৰ চিলাপথাৰতো এই ছবিখন প্ৰকট হৈ উঠিছে । চিলাপথাৰ নগৰৰ মাজমজিয়াৰ উন্নয়নৰ দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে । সেয়েহে ৰাইজে এইবাৰ জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ওলাই আহিল বিধ্বস্ত পথ নিৰ্মাণৰ বাবে । চিলাপথাৰত ৰাইজে গাঁঠিৰ ধন ভাঙি, শ্ৰমদান কৰি নিৰ্মাণ কৰিলে নগৰৰ এটা পথ ।
ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এই বিধ্বস্ত পথটোৱে যমৰ যাতনা ভোগাইছে ধেমাজি জিলাৰ চিলাপথাৰৰ সহস্ৰাধিক ৰাইজক ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই ।
চিলাপথাৰ-জোনাই সংযোগী পথৰ পৰা চিলা বৰঘুলিলৈ যোৱা কাৰপুনপুলি পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত আছে । নগৰখনৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ এইটো এটা মুখ্য পথ । কিন্তু পথটোৰ অৱস্থা তথৈবচ । এজাক বৰষুণ দিলেই পথটোত হয় একাঠু পৰ্যন্ত পানী । বাৰিষাৰ সময়ছোৱাত ৰাইজৰ লগতে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগি যাতায়ত কৰিবলগীয়া হয় প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ এই পথেৰে । ৰাইজে পৌৰসভা তথা চৰকাৰ-প্ৰশাসনক পথটো নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিও লাভ নকৰিলে একো সুফল ।
বাৰিষা সমাগত । পুনৰ সৃষ্টি হ'ব সেই কদৰ্যময় পৰিবেশ । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ঘৰে ঘৰে টকা তুলি শিল-বালি কিনি আবাল-বৃদ্ধ-বনিতাই হাতে হাতে কোৰ-বেলছা লৈ ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ । অশ্বৰ্যজনক কথাটো হৈছে পথটোৰ নাতিদূৰৈত পৌৰসভাৰ সভানেত্ৰীৰ ঘৰ । পথটোৰ কাষতে বিধায়ক ভূবন পেগুৰ ঘৰ । কিছু দূৰৈত সাংসদ প্ৰদান বৰুৱাৰ ঘৰ । কিন্তু আজিকোপতি কাৰোৰেই চকু নপৰিল পথটোত । অচিৰেই পথটো স্থায়ীভাৱে নিৰ্মাণ কৰি দিবলৈ চৰকাৰ-প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।