নগাঁও, 13 মে’ :বাণিজ্য মেলাৰ নামত নগাঁৱৰ জুৰীয়াত নিন্দনীয়, গৰিহণাযোগ্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷ গুৰুজনাৰ পবিত্ৰ জন্মভূমি নগাঁৱৰ বটদ্ৰৱাৰ পাৰ্শ্বৱৰ্তী দগাঁৱৰ খোদ এখন সত্ৰৰ কাষতেই উদ্দাম নৃত্যৰে অশ্লীলতাৰ পোহাৰ মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু কোনে কাৰ সাহসত সত্ৰৰ ভূমিত বাণিজ্য মেলাৰ নামত এইদৰে অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল ?
স্থানীয় লোকৰ অভিযোগ অনুসৰি দগাঁৱৰ এটা চক্ৰই জুৰীয়াৰ দগাঁওস্থিত শ্ৰী শ্ৰী বালি ভুঁই বৰ এলেঙী সত্ৰৰ নিচেই কাষতেই আয়োজন কৰিছে বাণিজ্য মেলাৰ ৷ কিন্তু বাণিজ্য মেলাৰ নামত অশ্লীল নৃত্যৰে সামাজিক পৰিবেশ বিনষ্ট কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ৷ বাণিজ্য মেলাৰ নামত অশ্লীল নৃত্যৰে সভ্য সমাজক লজ্জানত কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় হিন্দু, মুলছমান সমাজৰ লগতে অসম সত্ৰ মহাসভা ৷ অশ্লীল নৃত্যৰ লগতে সত্ৰৰ কাষত অনুষ্ঠিত বাণিজ্য মেলা বন্ধ কৰিবলৈ নগাঁও জিলা আয়ুক্তক দাবী জনাইছে সত্ৰখনৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় সচেতন লোকে ৷