অসম

assam

ধৰ্ষণৰ অপচেষ্টা কৰা মাতাব আলীক ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ - Attempt to Rape in Lakhimpur

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 3:38 PM IST

Protest in Lakhimpur : লখিমপুৰতো শেহতীয়াকৈ সংঘটিত হ’ল ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা ৷ মাতাব আলী নামৰ এজন লোকে এগৰাকী ন বছৰীয়া কিশোৰীক চলালে ধৰ্ষণৰ চেষ্টা ৷ মাতাব আলীৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচিৰ দাবী জনাইছে লখিমপুৰবাসীয়ে ৷

ATTEMPT TO RAPE IN LAKHIMPUR
ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত লখিমপুৰত প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ, ২৪ আগষ্ট : ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিচত সিটো ধৰ্ষণকাণ্ড ৷ নগাঁও, শোণিতপুৰৰ পিচত লখিমপুৰো সংঘটিত হ’ল জঘন্য ঘটনা ৷ ধৰ্ষণৰ চেষ্টা কৰা হ’ল এগৰাকী ন বছৰীয়া নাৱালিকাক ৷

ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত লখিমপুৰত প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰৰ ধৰ্ষণকাণ্ড পোহৰলৈ অহাৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰিছে জিলাখন ৷ ভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ অসমীয়া যুৱ মঞ্চয়ো শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰে লখিমপুৰৰ বাইপাছত অসমীয়া যুৱমঞ্চই স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

প্ৰতিবাদকাৰীসকলে অভিযোগ তোলা অনুসৰি লখিমপুৰৰ পানীগাঁও থানাৰ অন্তৰ্গত এলেকাৰ মাতাব আলী নামৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে কিছুদিন পূৰ্বে অকলশৰীয়া অৱস্থাত এগৰাকী ন বছৰীয়া কন্যাক ধৰ্ষণৰ অপচেষ্টা চলায় । কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰি কোনমতে মাতাব আলীৰ কৱলৰ পৰা আঁতৰি যাবলৈ সক্ষম হয় ৷ সেয়ে মাতাব আলীৰ ফাঁচিৰ দাবীত অসমীয়া যুৱমঞ্চই শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰি ক্ষীপ্ৰ প্ৰক্ৰিয়াৰে বিচাৰ প্ৰক্ৰিয়া আগবঢ়োৱাৰ দাবী জনায় ৷

স্থানীয় মহিলাসকলেও সাম্প্ৰতিক সময়ত মহিলা, শিশু, যুৱতী কাৰোৰে নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি এনেধৰণৰ ঘটনাত জড়িত সকলোকে ফাঁচি দিয়াৰ দাবী জনায় ৷ শনিবাৰৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সম্পাদক অনুপম শইকীয়াসহ ভালেসংখ্যক কৰ্মী আৰু স্থানীয় মহিলাই সহযোগ কৰে ৷

প্ৰতিবাদকাৰী এগৰাকী মহিলাসকলে কয়, ‘‘ধৰ্ষণকাৰীক যদি ফাঁচি নিদিয়ে, এনেকুৱা ঘটনা ঘটিয়েই থাকিব ৷ আদালতত বিচাৰ চলি থাকিব, ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰিয়েই থাকিব ৷ আমাৰ নিৰাপত্তা নাইকিয়া হৈছে, ছোৱালী এজনী ক্লাছ কৰিবলৈ যোৱাৰ পিচত ঘূৰি নহালৈকে চিন্তা হৈ থাকে ৷’’

ইফালে অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সম্পাদক অনুপম শইকীয়াই কয়, ‘‘পানীগাঁৱত ধৰ্ষণৰ অপচেষ্টা কৰা মাতাব আলীক গ্ৰেপ্তাৰ কৰিলেই নহ’ব ৷ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচি দিবলৈ আমি দাবী জনাইছো ৷’’

লগতে পঢ়ক :জানাজা নিদিয়ে, ৰাজহুৱা কবৰস্থানতো ঠাই নিদিয়ে; ধিং-কাণ্ডৰ অভিযুক্তৰ ওপৰত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত

আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি

তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী

ABOUT THE AUTHOR

...view details