অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

গোগামুখত গণ সত্যাগ্ৰহ: প্ৰতিবাদত কঁপিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় - Non Mising village in MAC

Gogamukh Protest: ধেমাজিৰ গোগামুখত অনা-মিচিং সংগঠন আৰু হাজাৰ হাজাৰ লোকৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ গাঁওভিত্তিক তালিকাত অনামিচিং গাঁও কৰ্তনৰ দাবীত এই প্ৰতিবাদ ।

Gogamukh Protest
গোগামুখত গণ সত্যাগ্ৰহ (ETV Bharat)

ধেমাজি ,২৭ ছেপ্টেম্বৰ :মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ গাঁওভিত্তিক তালিকাত অনামিচিং গাঁও কৰ্তনৰ দাবীত ধেমাজি জিলাৰ গোগামুখত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । অনামিচিং গাঁও কৰ্তনৰ দাবীত কেইবা হাজাৰ লোকে শুকুৰবাৰে প্ৰতিবাদৰ জৰিয়তে গোগামুখ নগৰ উত্তাল কৰি তোলে । গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ।

অনামিচিং গাঁও কৰ্তনৰ দাবী

গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ অংশ হিচাপে গোগামুখ অনামিচিং ঐক্য মঞ্চৰ নেতৃত্বত প্ৰথমে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয় । গোগামুখ ৰে'লৱে কলনীৰ খেলপথাৰৰ পৰা হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে এন এইছ পি চি পথেৰে আহি গোগামুখ চাৰিআলিত অৱস্থান কৰে আৰু গণ প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ অসম চৰকাৰৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়ে প্ৰতিবাদকাৰীসকলে । প্ৰায় ১ ঘণ্টা ধৰি বিভিন্ন সংগঠন আৰু ৰাইজৰ প্ৰতিবাদত গোগামুখৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে ।

গোগামুখত গণ সত্যাগ্ৰহ (ETV Bharat)

স্তব্ধ গোগামুখ

ইফালে স্বতঃস্ফুতভাৱে বন্ধ হৈ পৰে গোগামুখ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ নেতৃত্ব লৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা দুলাল বৰুৱাই ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰে আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ইফালে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে ২০০৫ চনৰ অনামিচিঙৰ প্ৰতিবাদী আন্দোলনৰ প্ৰসংগ উল্লেখ কৰে আৰু অনামিচিঙৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিৰ অধিকাৰ খৰ্ব কৰিবলৈ বিচাৰিলে কাকো ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ তেওঁ কয়, "এইবাৰ বলপূৰ্বকভাৱে জিলাখনৰ ২১৭ খন ৰাজহ গাঁও এম এ চিত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা গভীৰ কূটকৌশলক প্ৰতিহত কৰা হ'ব ৷ তদুপৰি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই নিজৰ সমষ্টিত সংঘটিত হোৱা এনেধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা ভালদৰে জানিও তেওঁ চকু মুদা কুলিৰ ভাও ধৰিছে ৷ বৰঞ্চ অনামিচিঙৰ আন্দোলনক শেহতীয়াকৈ কৰা তুচ্ছ তাচ্ছিল্যক এই প্ৰতিবাদী সভাতে তীব্ৰ গৰিহণা দিছো ৷"

ধেমাজি জিলা অনামিচিং সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি ভৱিষ্য দিহিঙীয়াই ২০১৩ আৰু ২০১৯ চনৰ তালিকাৰ ভিত্তিত মিচিং পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সজোৰে দাবী জনায় ৷ অন্যথা অনামিচিং ৰাইজৰ বাৰম্বাৰ বাধাৰ সন্মুখীনৰ বাবে সাজু হৈ থাকিবলৈও সংশ্লিষ্ট সকলোকে প্ৰত্যাহ্বান জনায় ৷

লগতে পঢ়ক :প্ৰতিবাদত কঁপিল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় - Thengal Kachari Autonomous Council

ABOUT THE AUTHOR

...view details