হাফলং: দেবলাল গাৰ্লোচা গ' বেক, দেবলাল গাৰ্লোচা হটাও বিজেপি বচাও শ্ল'গানৰে বিজেপি কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে উত্তাল কৰি তোলে হাৰাংগাজাওৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । নতুন বছৰৰ প্ৰথম দিনা মান্দাৰদিছাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হাতীখালি সমষ্টিৰ বিজেপি কৰ্মকৰ্তাসকলে দেবলাল গাৰ্লোচাৰ অপসাৰণৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
বছৰটোৰ দ্বিতীয়টো দিনতো আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা হাৰাংগাজাও সমষ্টিৰ বিজেপি কৰ্মকৰ্তাসকলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ অপসাৰণ আৰু পদত্যাগৰ দাবীত হাৰাংগাজাও ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । ফলত বহু সময়লৈ ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা ।
উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ একনায়কত্ববাদে ডিমা হাছাও জিলাত বিজেপি দলত বিভাজনৰ সৃষ্টি কৰিছে । যাৰ ফলত এতিয়া বিজেপি দলত বিদ্ৰোহৰ জুই জ্বলিছে । নতুন বছৰৰ প্ৰথম দিনৰ পৰাই দেবলাল গাৰ্লোচা হটাও অভিযানত নামি পৰিছে বিজেপিৰ একাংশ নেতা কৰ্মী আৰু কৰ্মকৰ্তাসকল ।
বৃহস্পতিবাৰৰ দিনটোত হাৰাংগাজাওত প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয়, "হাৰাংগাজাওৰ স্থানীয় পৰিষদৰ বিজেপি সদস্য আমেন্দু হোজাইৰ দায়িত্বত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগটোও নিজৰ কৰি ল'লে দেবলাল গাৰ্লোচাই । তাৰ উপৰি হাৰাংগাজাওৰ স্থানীয় বাসিন্দাসকলক ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি ভূমিৰ পট্টা আৰু পি আৰ চিৰ পৰা বঞ্চিত কৰি আহিছে ৷"