লখিমপুৰ,২৪ মে':বৃহস্পতিবাৰে লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে দ্বিতীয় দিনাও । খেলমাটিকাণ্ডৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া অসমীয়া যুৱ মঞ্চই উত্তাল কৰি তোলে নগৰখনৰ পৰিৱেশ । নগৰখনৰ লখিমী চাৰিআলিত সন্ধিয়াৰ ভাগত উক্ত ঘটনাৰ বিৰোধিতা কৰি পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে ।
খেলমাটি আৰক্ষী চকীত আক্রমণকাৰীক গ্ৰেপ্তাৰ কৰক, আৰক্ষী আৰু সংবাদকৰ্মীক আক্রমণ কৰা সহ্য কৰা নহ'ব, দুস্কৃতিকাৰীৰ অতপালি সহ্য কৰা নহ'ব, অসমক দ্বিতীয় কাশ্মীৰ হ'বলৈ দিয়া নহ'ব আদি শ্ল'গান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চই । অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়া, জিলা সভাপতি চিৰঞ্জিত বৰদলৈ আদিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে খেলমাটিৰ ঘটনাই অশুভ সংকেত কঢ়িয়াই আনিছে ।
আৰক্ষী, আৰক্ষী চকী আৰু সংবাদকৰ্মীক আক্রমণ কৰি দুস্কৃতিকাৰীসকলে কাশ্মীৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰিছে । তেওঁলোকক আৰক্ষী প্ৰশাসনে পুলিতে উভালি পেলাওক । আক্রমণকাৰীসকলৰ ঘৰত বুলডজাৰ চলাই দিয়ক । অসমক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ দুস্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰক আদি শ্ল'গানেৰে বহু সময় ধৰি তেওঁলোকে পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে ।