তিনিচুকীয়া: তিনিচুকীয়াৰ ৩১৫ নং মহাকালি গ্ৰাণ্টৰ বাসিন্দা অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত স্থানীয় দল-সংগঠনৰ উদ্যোগত ৰাইজে বৃহস্পতিবাৰে বাহাদুৰ চাৰিআলিত তিনিচুকীয়া-দুলীয়াজানৰ মূল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদৰ সময়ত শতাধিক প্ৰতিবাদকাৰীয়ে অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰক, অসম আৰক্ষী হায় হায়, অসম আৰক্ষী মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে বাহাদুৰ চাৰিআলিৰ পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদৰ সময়ত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন হাজৰিকাই উক্ত ঘটনাৰ উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ তিনিচুকীয়া আৰক্ষীক দাবী জনোৱাৰ লগতে পৰিয়ালটোক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায় । সমান্তৰালভাৱে যুৱ নেতা বাবলু কুলদ্বীপে আজি পৰ্যন্ত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱৰাত দুখ প্ৰকাশ কৰি ক্ষিপ্ৰতাৰে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাই আৰু এনেদৰে নিৰ্মমভাৱে হত্যা কৰা কাণ্ডৰ গৰিহণা দিয়ে ।
পৰৱৰ্তী সময়ত জিলা আয়ুক্তলৈ প্ৰতিবাদকাৰীসকলে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু স্মাৰকপত্ৰৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনোৱাৰ লগতে পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা, অইল ইণ্ডিয়া লিমিটেডৰ উন্মুক্ত পুখুৰীত বেৰা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।