অসম

assam

ETV Bharat / state

স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে ওলাই আহিল পাঁচখন গাঁৱৰ মহিলা - PROTEST AGAINST SMART METER - PROTEST AGAINST SMART METER

Assam smart meter controversy: ৰাজ্য়ত স্মাৰ্ট মিটাৰে জলা-কলা খুৱাইছে ৰাইজক । স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ।

Assam smart meter controversy
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 5:24 PM IST

মৰাণ, ২৫ আগষ্ট: ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে । স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন,বিদ্যুতৰ মাচুল বৃদ্ধি আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত একাংশ দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । কিয়নো স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা পাছতে ৰাইজে অধিক মাচুল ভৰিব লগা হৈছে । ফলত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ খোৱাঙত ৰাজপথলৈ ওলাই আহিল মহিলা ৷

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

স্মাৰ্ট মিটাৰ বৰ্জনৰ সিদ্ধান্ত :

স্মাৰ্ট মিটাৰে ৰাজ্যৰ সৰ্ব্বসাধাৰণ ৰাইজক জলা-কলা খুওৱাৰ সময়তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ ৷ খোৱাঙত পাঁচখন গাঁৱৰ মহিলাই স্মাৰ্ট মিটাৰ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ খোৱাং চমুৱা গাঁও, নিজখোৱাং, আঠাবাৰী, খোৱাং সোণোৱাল বঙালী গাঁৱকে ধৰি পাঁচখন গাঁৱৰ মহিলাই আজি এখন সভা অনুষ্ঠিত কৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ মহিলাসকলে যিসমূহ গৃহত এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগালে সেইসমূহ খুলি নিবলৈ দাবী জনাইছে । লগতে যিসকল লোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা নাই সেইসকল লোকৰ ঘৰত স্মাৰ্ট মিটাৰ বহুৱাবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে ৷

মুখ্যমন্ত্ৰীক স্মাৰ্ট মিটাৰ আঁতৰ কৰিবলৈও আহ্বান :

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী মহিলাই কয়, "দিন হাজিৰা কৰি মাহে বিদ্যুৰ ২০০ টকা বিল দিবলৈ অসুবিধা, স্মাৰ্ট মিটাৰৰ বিল দিম কেনেকৈ ?" দুখীয়াক সহায় কৰা চৰকাৰ বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীক স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈও আহ্বান জনাই প্ৰতিবাদী মহিলাসকলে ৷

লগতে পঢ়ক:স্মার্ট মিটাৰ বন্ধৰ দাবীত এ আই ইউ এফৰ উত্তাল প্ৰতিবাদ - AIUDF PROTEST against SMART METER

স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন: হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

ABOUT THE AUTHOR

...view details