অসম

assam

পাঠ এৰি প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী; মাজুলীত বিদ্যালয় একত্ৰীকৰণক লৈ ক্ষোভিত শিক্ষাৰ্থী-অভিভাৱক - Majuli School Amalgamation Protest

By ETV Bharat Assamese Team

Published : 14 hours ago

School Amalgamation in Majuli : মাজুলীত শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী । সহযোগ কৰিলে অভিভাৱকেও । বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

School Amalgamation in Majuli
মাজুলীত বিদ্যালয় একত্ৰীকৰণক লৈ ক্ষোভিত শিক্ষাৰ্থী-অভিভাৱক (ETV Bharat Assam)

মাজুলী, ১৯ ছেপ্টেম্বৰ :অসম চৰকাৰে পুনৰ কেইবাখনো চৰকাৰী বিদ্যালয় বিলোপ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অভিভাৱক, স্থানীয় লোক তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদো সাব্যস্ত কৰিছে । এইবাৰ মাজুলীত চৰকাৰী বিদ্যালয় বিলোপ কৰি দূৰৈৰ বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

মাজুলীত বিদ্যালয় একত্ৰীকৰণক লৈ ক্ষোভিত শিক্ষাৰ্থী-অভিভাৱক (ETV Bharat Assam)

উল্লেখ্য যে শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ অজুহাতত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ বহুসংখ্যক চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই একেই অজুহাতত মাজুলিতো বন্ধ হৈছে ৩১ খনকৈ বিদ্যালয় । মাজুলীৰ ৩১ খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ পাচত মাজুলীৰ টেঙাপনীয়া গাঁৱত অৱস্থিত চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰে ।

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজেও প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়ত এতিয়া শিক্ষকৰ সলনি পাঠদান কৰিছে গাঁৱৰ শিক্ষিত যুৱক-যুৱতীসকলে । কিয়নো প্ৰায় ১০ দিনে বিদ্যালয়খনলৈ অহা নাই শিক্ষক ।

চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়খন আন এখন বিদ্যালয়ৰ লগত চামিল কৰাত বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে সেইখন বিদ্যালয়ত যোগদান কৰে । কিন্তু চামিল কৰা বিদ্যালয়খনলৈ নাযায় ছাত্ৰ-ছাত্ৰীসকল । লগতে বিদ্যালয়খন বন্ধ নকৰিবৰ বাবে প্ৰতিবাদত বহে ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজ ।

এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ বক্তব্য, "আমি এইখন বিদ্যালয়তে পঢ়িম । আমাৰ বিদ্যালয়খন বন্ধ নকৰিব । সেইখন বিদ্যালয় বহু দূৰৈত । আমাৰ যাবলৈ অসুবিধা হ'ব ।"

ইফালে ১৯৬৫ চনতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে অভিভাৱকসকলেও । তেওঁলোকৰ বক্তব্য, "যিখন বিদ্যালয়ৰ লগত এইখন বিদ্যালয় একত্ৰিত কৰিলে সেই বিদ্যালয়খনলৈ যাবলৈ ছাত্র-ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হ'ব । ছাত্র-ছাত্ৰীসকলক বিদ্যালয়খনলৈ লগত লৈ গৈ যদি অভিভাৱকসকল ৰৈ থাকিবলগীয়া হয় তেন্তে দিন হাজিৰা কৰি চলা পৰিয়ালবোৰ কেনেকৈ চলিব ।"

গতিকে বিদ্যালয়খন একত্ৰিত কৰাৰ এই সিদ্ধান্ত চৰকাৰক পুনৰবাৰ ভাবি চাবলৈ স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলে আহ্বান জনাইছে ।

লগতে পঢ়ক :আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক - How to apply for Orunodoi Scheme
লগতে পঢ়ক :চৰকাৰৰ অবিবেচকী কাণ্ডত ধেমাজিত সংঘাতৰ দিশে মিচিং-অনা মিচিং - Mising Autonomous Council

ABOUT THE AUTHOR

...view details