অসম

assam

ETV Bharat / state

বিশ্ব প্ৰতিবন্ধী দিৱসত ১৭ টা দাবীৰে প্ৰতাৰণাৰ দিন পালন

প্ৰতিবন্ধীসকলে নিজৰ অধিকাৰ বিচাৰি পুনৰ ওলাই আহিল ৰাজপথলৈ । এইবাৰ 'প্ৰতিবন্ধী সকলো মানুহ' শ্লোগানেৰে উত্তাল কৰিলে গুৱাহাটী ।

World Disability Day 2024
বিশ্ব প্ৰতিবন্ধী দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 8:51 PM IST

গুৱাহাটী :বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে প্ৰতাৰণাৰ দিন হিচাপে পালন কৰিলে শতাধিক প্ৰতিবন্ধীয়ে । গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত মঙলবাৰে চৰকাৰে প্ৰতিবন্ধীসকলক কৰা প্ৰতাৰণাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

শিক্ষা, সংস্কৃতি, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতেই এইসকলক সমানেই গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাই আজি এইদৰে ওলাই আহিল প্ৰতিবন্ধীসকল ।

বিশ্ব প্ৰতিবন্ধী দিৱস (ETV Bharat Assam)

'প্ৰতিবন্ধী সকলো মানুহ','বধিৰক প্ৰতাৰণা কৰিব নাপায়', 'শিক্ষা সংস্কৃতি,ক্ৰীড়াত বধিৰ সকলক গুৰুত্ব দিয়ক','বধিৰ ভাই-ভনীক বুজিবলৈ চেষ্টা কৰক ',স্বাধীনভাৱে জীয়াই থকাৰ সুবিধা দিয়ক' আদি শ্লোগানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ বধিৰসকলে প্ৰতাৰণাৰ দিন পালন কৰে । প্ৰতাৰণাৰ দিনত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অসম বধিৰ সংগ্ৰাম পৰিষদৰ সদস্যই কয়," বিজেপি মিত্ৰদলৰ চৰকাৰখনে কংগ্ৰেছ দলৰ পথকেই অনুসৰণ কৰিছে । ২০১৬ চনৰ প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ (আৰ পি ডব্লিউ ডি) আইন অসমত ধোৱাচাঙত পৰিণত হৈছে ।"

তেওঁ পুনৰ কয়,"প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ 'সৱ কা সাথ সৱ কা বিকাশ' অসমত অর্থহীন হৈ পৰিছে । দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বর্তমান অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি দিব্য়াংগসকলৰ পেটৰ ভাতমুঠি কাঢ়ি নিছে । চৰকাৰখনে দিব্য়াংগসকলক প্ৰতাৰণা কৰি আহিছে । দিব্য়াংগসকলে পাবলগীয়া সুবিধাৰ পৰা বঞ্চিত হৈছে, কৰ্ম সংস্থাপন পোৱা নাই । সেয়েহে চৰকাৰখনলৈ আমাৰ ১৭ টা দাবী আছে ।"

তেওঁ কয়," ২০১৫ চনত অসম চৰকাৰে ঘোষণা কৰা প্রতিবন্ধীৰ বাবে সংৰক্ষিত পদসমূহ অতি সোনকালে পূৰণ কৰা, প্রতিবন্ধীৰ আয়ুক্ত কাৰ্যালয় জনতা ভৱনলৈ স্থানান্তৰিত কৰাৰ লগতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগটো পূর্বৰ স্থানত বাহাল ৰখাৰ ব্যৱস্থা কৰা, ৰাজ্য চৰকাৰৰ প্ৰতিটো কাৰ্যালয়ত এজনকৈ বধিৰক নিযুক্তি দিয়া, গুৱাহাটীৰ ওচৰে-পাজৰে নিবনুৱা বধিৰ যুৱক-যুৱতীসকলক সংস্থাপিত কৰিবৰ বাবে ১০০ বিঘা মাটি আবণ্টন দিয়া আদিকে ধৰি ১৭ টা দাবীৰে এই প্ৰতাৰণাৰ দিন পালন কৰা হৈছে ।"

লগতে পঢ়ক:বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ দাবীত উত্তাল লখিমপুৰ

ABOUT THE AUTHOR

...view details