জনীয়া ,৬ মাৰ্চ:বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডৰ অন্তৰ্গত চিকনী গাঁও পঞ্চায়তৰ ৯ নং খণ্ডৰ প্ৰাক্তন সদস্যা আছিয়া খাতুনৰ বিৰদ্ধে মঙলবাৰে শ শ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ । চৰকাৰী শৌচালয় নিৰ্মাণ কৰি দিব বুলি ৬৫০ জন দৰিদ্ৰ লোকৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছিল ধন । চিকনী গাঁও পঞ্চায়তৰ সদস্যা আছিয়া খাতুন আৰু তেওঁৰ স্বামী হুছেইন মিয়াই ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ।
চিকনী গাঁও পঞ্চায়তৰ সদস্যা আছিয়া খাতুন আৰু তেওঁৰ স্বামী হুছেইন মিয়াই ৰাইজৰ পৰা ৩০০-৫০০ টকাকৈ প্ৰায় তিনি লক্ষাধিক টকা সংগ্ৰহ কৰিছিল চৰকাৰী শৌচালয়ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি দিব বুলি । কিন্তু তালিকাত ৬৫০ জন লোকৰ এজনৰো নাম অন্তৰ্ভুক্ত নোহোৱাত ভুক্তভোগী ৰাইজে ক্ষুদ্ধ হৈ পৰিছে জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে । সেয়ে সোমবাৰে নিশাৰ ভাগত সাওঁৰাচৰা বজাৰত শ শ ভূক্তভোগী ৰাইজ একত্ৰিত হৈ গাঁও পঞ্চায়তৰ এইগৰাকী সদস্যা আছিয়া খাতুন আৰু তাইৰ স্বামী এইজন হুছেইন মিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । লগতে প্ৰাপ্য় ধন ঘূৰাই পোৱাৰ বাবে দাবী জনায় ।