অসম

assam

ETV Bharat / state

ব্যক্তিগত নাৰ্ছিংহোমতকৈ অধিক হাৰত মাচুল বৃদ্ধিক লৈ প্ৰতিবাদত কঁপিছে JMCH - Protest in JMCH - PROTEST IN JMCH

Jorhat Medical College Hospital: বৃদ্ধি হ'ব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৬ টাকৈ সেৱাৰ মাচুল । অধ্যক্ষৰ ঘোষণাৰ পিচতে দল-সংগঠৰ প্ৰতিবাদ ।

Protest against decision to hike fees at Jorhat Medical College
মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 6, 2024, 8:13 AM IST

Updated : Oct 6, 2024, 10:50 AM IST

যোৰহাট,৬ অক্টোবৰ:দুৰ্গা পূজাৰ পিচতে অত্যধিক হাৰত বৃদ্ধি পাব চিকিৎসা সেৱাৰ মাচুল । শুকুৰবাৰে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক কাষত বহুৱাই অতি গুৰুত্বপূৰ্ণ সেৱা আৰু পঞ্জীয়নকে ধৰি ৬ টাকৈ সেৱাৰ মাচুল বৃদ্ধি কৰা কথা ঘোষণা কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰে । ইয়াৰ পিচতে সমগ্ৰ যোৰহাটতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । মাচুল বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চই যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰশাসনিক ভৱনৰ কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৌহদৰ ভিতৰত প্ৰৱেশ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতি । আনহাতে উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই কয়,"২০০৯ বৰ্ষতে স্থাপন হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ে আজিও পৰ্যন্ত পূর্ণাংগ ৰূপ নাপালে আৰু বহু বিভাগ আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল । কিন্তু তাৰপিচত যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই বৰ্ধিত হাৰত মাচুল বৃদ্ধি কৰিলে । ৰাইজ স্বাৰ্থত মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিব লাগিব ।"

মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই কয়,"এইয়া চিকিৎসা মহাবিদ্যালয়খনৰ একপক্ষীয় সিদ্ধান্ত নে চৰকাৰ সিদ্ধান্ত সেয়া ৰাজহুৱা কৰিব লাগিব । চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মুখপাত্ৰ আৰু স্বাস্থ্যমন্ত্ৰী ৰূপত আৱিৰ্ভাৱ হৈ এই মাচুল বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিলে নেকি ?" লগতে যোৰহাট সমষ্টি বিধায়কজনৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াজনে ।

আনহাতে মাচুল বৃদ্ধি প্ৰসংগক প্ৰতিবাদ জনাই যোৰহাট জিলা আছুৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভুঞাই কয়, "দৰিদ্ৰ জনসাধাৰণৰ স্বাৰ্থত এই সিদ্ধান্ত পৰিহাৰ কৰক । আজি পৰ্যন্ত চিকিৎসা মহাবিদ্যালয়খনত পৰ্যাপ্ত আন্তঃগাঁথনি আৰু বিভিন্ন সা-সুবিধা হৈ নুঠিল ।"

ইফালে মাচুল বৃদ্ধি প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰে । ৰাজ্য চৰকাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ৰাজসাহাৰ্য বন্ধ কৰি দিয়া বাবে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে । অধ্যক্ষগৰাকীয়ে কয়, "৫৩৬ সেৱা ভিতৰত ৬ টা সেৱাতহে মাচুল বৃদ্ধি কৰা হৈছে আৰু অন্য সেৱাসমূহ বিনামূলীয়াকৈ চলি আছে আৰু থাকিব । চিকিৎসা মহাবিদ্যালয়খন পৰিচালনা কৰা বাবহে এই ৬ টা সেৱাত মাচুল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে । এতিয়ালৈ মাচুল বৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হোৱা নাই । এইয়া আমাৰ এক বিবেচনাধীন সিদ্ধান্তহে ।"

লগতে পঢ়ক:জে এম চি এইচতো বৃদ্ধি চিকিৎসা সেৱা মাচুল; পঞ্জীয়নৰ পৰা অস্ত্ৰোপচাৰলৈ সকলোতে সীমাহীন হাৰত মাচুল বৃদ্ধি - Jorhat Medical College Hospital
Last Updated : Oct 6, 2024, 10:50 AM IST

ABOUT THE AUTHOR

...view details