তেজপুৰ:তেজপুৰত আৰক্ষীৰ জিম্মাৰ পৰাই হেণ্ডকাফসহ চোৰৰ পলায়ন । আৰক্ষীৰ জিম্মাৰ পৰাই চিকিৎসাধীন অৱস্থাত থকা এক অভিযুক্তই সোমবাৰে পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷
দেওবাৰে নিশা তেজপুৰ সদৰ আৰক্ষী থানাৰ অধীনস্থ তথা বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত এক চুৰিকাৰ্য সংঘটিত কৰাৰ সময়ত স্থানীয় একাংশ লোকে ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিক হাতে-লোটে কৰায়ত্ত কৰিছিল ৷ ৰাইজে অভিযুক্ত ৰফিকুলক ঘটনাস্থলীতে উত্তম-মধ্যম শোধোৱাত অভিযুক্ত ৰফিকুল আহত হয় ৷ পাছত স্থানীয় বৰঘাট আৰক্ষীক গতাই দিয়ে ।
ৰফিকুলক আজি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ আনে ৷ আজি পুৱা প্ৰায় ১০ বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পুৰুষৰ শল্য বিভাগত চিকিৎসাধীন অৱস্থাত অভিযুক্ত ৰফিকুলে হেণ্ডকাফ কাটি চিকিৎসা কক্ষৰ প্ৰস্ৰাৱগাৰৰ খিৰিকীৰে পলায়ন কৰে ৷