কাছাৰ, 22 ফেব্ৰুৱাৰী : শিলচৰৰ কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক ইতিমধ্যে নিলম্বন কৰা হৈছে ৷ পৰীক্ষাৰ্থীক নকল যোগান দিয়াৰ অভিযোগতে নিলম্বন কৰা হৈছে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক ৷ কেৱল এয়াই প্ৰথম নহয়, পূৰ্বেও চাকৰিৰ পৰা নিলম্বিত হৈছিল কাছাৰ কলেজৰ অধ্যক্ষগৰাকী ৷ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগতে 2022 চনৰ নৱেম্বৰত নিলম্বিত হ’ব লগলগীয়া হৈছিল কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথ ৷
সকলোৰে জ্ঞাত যে, চলিত বৰ্ষৰ 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ এই পৰীক্ষাত খোদ শিক্ষকেই নকল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল কাছাৰৰ শিলচৰত ৷ নিজৰ আত্মীয় দুগৰাকী পৰীক্ষাৰ্থীক ছিক ৰূমত পৰীক্ষা দিয়াৰ সুবিধা কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ বিৰুদ্ধে ৷ আনকি সিদ্ধাৰ্থ শংকৰ নাথে নিজেই নকল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল ৷
প্ৰথমতে এই অভিযোগ নস্যাৎ কৰিছিল কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথে ৷ কিন্তু অধ্যক্ষগৰাকীয়ে নিজৰ দুই আত্মীয় পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ কথা গম পোৱাৰ পিচতেই আৰক্ষীয়ে তালাচী চলায় ৷ তেতিয়াই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷