গুৱাহাটী,১ জুন:বৰ্তমান সাধাৰণ ঘৰ এটা নিৰ্মাণ কৰা বা ফ্লেট এটা ক্ৰয় কৰাটো নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সাধ্যৰ বাহিৰ হৈ পৰিছে । কাৰণ প্ৰতিদিনে বৃদ্ধি পাই আহিছে গৃহ নিৰ্মাণ সামগ্ৰীৰ । চিমেণ্ট, লোহাৰ ৰড, ইটা, বালিৰ উপৰি এলুমিনিয়াম, ষ্টিল, গ্লাছ, ব'ৰ্ড আদিৰ দাম বৃদ্ধিৰ ফলত গৃহ নিৰ্মাণৰ লগতে ঘৰৰ ভিতৰৰ গৃহসজ্জাৰ ব্যয় বহু পৰিমাণে বৃদ্ধি পাইছে । শেহতীয়াকৈ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে লোহাৰ ৰড, এলুমিনিয়াম, ষ্টিল, গ্লাছ, ব'ৰ্ড বহু পৰিমাণে বৃদ্ধি পাইছে ।
উল্লেখ্য যে, ২০১৪ চনত 'অচ্ছে দিন আয়েগা' শ্ল'গানেৰে কেন্দ্ৰত শাসনলৈ অহা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ তথা ২০১৬ চনত ‘পৰিৱৰ্তন'ৰ সপোন দেখুৱাই অসমত ক্ষমতা দখল কৰা বিজেপিৰ 'ডাবল ইঞ্জিন' চৰকাৰৰ শাসনকালত গৃহ নিৰ্মাণ সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিৰ ফলত এতিয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে গৃহ নিৰ্মাণ কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে ।
আনহাতে, গৃহ নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত গুৱাহাটী মহানগৰীত ফ্লেটৰ দাম যোৱা দহ বছৰত প্ৰায় দুগুণলৈ বৃদ্ধি পালে । বিজেপিয়ে 'ভাল দিন' বা 'পৰিৱৰ্তন'ৰ সপোন দেখুৱালে ঠিকেই, কিন্তু দাম বৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱসায়িক গোষ্ঠীক লেকাম লগোৱাৰ সাহস নকৰিলে । বৰং বহু ক্ষেত্ৰত দাম বৃদ্ধিৰ প্ৰসংগত ব্যৱসায়িক গোষ্ঠীৰ পক্ষত থকাহে পৰিলক্ষিত হ'ল ।
বিশেষকৈ কোভিডকালীন পৰিস্থিতিৰ পিছৰে পৰা গৃহ নির্মাণ সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । গুৱাহাটীৰ এগৰাকী ব্যৱসায়িক প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে জনেৱা মতে দুৰ্গাপুৰৰ লোহা ৰডৰ দাম ২০১৯ চনত প্ৰতি কুইণ্টলত ৪৫০০ টকা আছিল । প্ৰতি বছৰে গড়ে এই ৰডৰ দাম প্রায় ৪০০ টকাকৈ বৃদ্ধি পাইছে । বর্তমান এক কুইণ্টল দুর্গাপুৰ লোহা ৰড ৬৪০০-৬৫০০ টকাত বিক্ৰী কৰি থকা হৈছে ।