আমগুৰি, ১৭ অক্টোবৰ :আজি কাতি বিহু । কৃষিজীৱী অসমীয়াৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰা তিনিটি বিহুৰ ভিতৰত কাতি বিহুৰো আছে সুকীয়া আমেজ আৰু মাদকতা । ৰাজ্যৰ প্ৰতিখন গাঁৱৰ লগতে কাতি বিহুৰ বাবে ব্যস্ততা বাঢ়িছে আমগুৰিৰ ঘৰফলীয়া জাপিসজীয়া গাঁৱৰ জীয়ৰী-বোৱাৰী সকলোৰে ।
পুৱাই উঠি কণমানিহঁতে সাজিছে তুলসীৰ ভেটি । প্ৰতিবছৰৰ দৰে এইবছৰো কাতি বিহুৰ পুৱা কণমানি শিশুৰ লগতে গাঁৱৰ বোৱাৰীসকলে চোতালত সমৱেত হৈ গাইছে হৰিনাম ৷ সন্ধিয়াৰ ভাগলৈ সকলোৱে নিজা ঘৰৰ তুলসীৰ ভেটিত জ্বলাব চাকি-ধূপ ।
সকলোৱে সমৱেত হৈ তুলসীৰ তলত নাম গায়, প্ৰাৰ্থনা কৰি মাহ-প্ৰসাদ খাব । আনকি আজি পুৱাতে গাঁৱৰ সকলো সমবেত হৈ তুলসীৰ তলত মূৰ দোঁৱাই আশীষ লোৱা দেখা গ’ল ।
উল্লেখ্য যে, অসমীয়াৰ জাতীয় জীৱনৰ আজি এটি বিশেষ দিন । তিনিটা বিহুৰ ভিতৰত কাতি বা কঙালী বিহুৰ আছে বিশেষ তাৎপৰ্য ৷ কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস এই বিহুটিৰ সৈতে সংপৃক্ত হৈ আছে ৷