ধেমাজি, 14 আগষ্ট : এইবেলিও ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ বিকাশ সাধন কেন্দ্ৰত 'শোক দিৱস' পালনৰ বাবে প্ৰস্তুতি চলিছে ৷ বুধবাৰে পুৱাৰে পৰা মহাবিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা শ্বহীদৰ স্মৃতিস্তম্ভ আৰু মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা শ্বহীদৰ স্মৃতি সৌধটি পৰিষ্কাৰ কৰে কৰ্তৃপক্ষই ৷ 2004 চনৰ 15 আগষ্টৰ বোমা বিস্ফোৰণত নিহতসকললৈ 16 আগষ্টৰ পুৱাই জিলা প্ৰশাসন তথা স্থানীয় ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব ৷
2004 চনৰ এটা পাহৰিব নোৱৰা দিন ৷ মানৱতাক ধূলিস্যাৎ কৰা এই দিনটোৰ কথা মনত পৰিলে আজিও শিঁয়ৰি উঠে ৰাজ্যবাসী ৷ অসমৰ ইতিহাসৰ এটা ক’লা দিন 2004 চনৰ 15 আগষ্ট ৷ এই দিনটোতে নিৰীহৰ তেজেৰে ৰঙালী হৈছিল স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলী ৷
সমগ্ৰ দেশ কঁপোৱা 2004 চনৰ স্বাধীনতা দিৱসৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ ক’লা অধ্যায়ৰ কাহিনী আজিও অন্ত পৰা নাই ৷ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই সংঘটিত কৰা নিৰ্মম আৰু ভয়ংকৰ বোমা বিস্ফোৰণত দহটি শিশুৰ লগতে তিনিগৰাকী মহিলা শ্বহীদ হৈছিল ৷ ধেমাজি মহাবিদ্যালয় খেলপথাৰত মুহূৰ্ততে মৃত্যুৰ বিভীষিকাৰ সৃষ্টি হৈছিল ৷ এই জঘন্য আক্ৰমণত নিহত হৈছিল ক্ৰমে সিদ্ধাৰ্থ টায়েদ, প্ৰদীপ্ত গগৈ, মনজিত গগৈ, গিৰীণ শইকীয়া, ধনদা গগৈ দেউৰী, মানসী বৰগোহাঁই, দিনেশ পাদুন, অৰুণা শইকীয়া, ৰূপা শইকীয়া, বিজিত সোণোৱাল, নমিতা গগৈ, চিত্ৰাৱতী দলে, যুগান্ত পাদুন ৷