গুৱাহাটী, ১৪ আগষ্ট:কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস । সেইবাবে দেশৰ চৌদিশে চলিছে স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি । স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশৰ আন প্ৰান্তৰ দৰে সাজু হৈছে অসমবাসী ৷
ৰাজ্যৰ ক’ৰবাত যদি চলিছে পেৰেডৰ অনুশীলন, আৰক্ষীৰ জোৰদাৰ তালাচী অভিযান, আন ক’ৰবাত আকৌ একাংশ ব্যস্ত পতাকা প্ৰস্তুত কৰাত ৷ সমান্তৰালভাৱে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলিছে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ প্ৰস্তুতি ।
আৰক্ষী-সেনাৰ ১৯ টা প্লাটুনৰ কুচকাৱাজ:
স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুসৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পতাকা উত্তোলনৰ পাছতে অসম আৰক্ষী আৰু সেনাৰ ১৯ টা প্লাটুনে কুচকাৱাজ প্ৰদৰ্শন কৰিব । ইয়াৰ ভিতৰত কমাণ্ডো, বীৰাংগনা, চি আৰ পি এফ, এছ ডি আৰ এফ, এন চি চি অন্যতম । এই অনুষ্ঠানৰ লগতে বিভিন্ন সামৰিক কলা-কৌশল প্ৰদৰ্শন কৰিব জোৱানসকলে ।