গুৱাহাটী:অসমকন্যা তথা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২ সংখ্যক মৃত্যু দিৱস । গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি যুগমীয়া কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে এই দিনটোতে ৰাজ্যখনৰ বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰি আহিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ।
২০০৭ চনৰে পৰা সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰি অহা প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এই বৰ্ষত আগবঢ়োৱা হয় বিশিষ্ট লোকশিল্পী দুর্গেশ্বৰ সোণোৱাল ওৰফে দীঘলালৈ ।
শুকুৰবাৰে আছুৰ উদ্যোগত প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্ত্তিস্থলী, চানমাৰি শ্বহীদ উদ্যানত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ মেছলৌ গাঁৱৰ নিৱাসী ৮৬ বছৰীয়া বিশিষ্ট লোকশিল্পী, লোক সংস্কৃতিৰ সাধক, প্ৰসাৰক আৰু প্ৰচাৰক দীঘলা ওৰফে দুর্গেশ্বৰ সোণোৱালক গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে গামোচা, চেলেং চাদৰ, শৰাই, ফুলৰ তোৰা, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগদ ধন ।
এই বঁটা গ্ৰহণ কৰি বিশিষ্ট লোকশিল্পীগৰাকীয়ে কয়,"মই কেতিয়াও গুৱাহাটীলৈ আহিম বুলি ভবা নাছিলোঁ । প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছোঁ । ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে নথৈ সুখী হৈছোঁ । ১৯৫৬ চনৰ পৰা গায়ন বায়ন, বিহু হুচৰিৰ লগত জড়িত হৈ আছোঁ । বয়স হোৱাৰ লগে লগে গাত শক্তি নোহোৱাত ডেকাসকলে গায়ন বায়ন, বিহু হুচৰি গাই থাকে মই কাষতে বহি চাই থাকো ।"
দুর্গেশ্বৰ (দীঘলা) সোণোৱাল:
সোণোৱাল কছাৰী জনগোষ্ঠীৰ দুৰ্গেশ্বৰ সোণোৱালে ডিব্ৰুগড়ৰ টিংখাঙৰ মেছলৌ গাঁৱৰ পৰা কৰি অহা লোককৃষ্টিৰ সাধনাৰ যাত্ৰাই অসমৰ লোককৃষ্টি জগতক বিশেষভাবে মহীয়ান কৰি তুলিছে । সোণোৱাল কছাৰী জনগোষ্ঠীৰ অন্যতম সাংস্কৃতিক সম্পদ 'মৃদঙীয়া গায়ন-বায়ন'ৰ এগৰাকী প্রণিধানযোগ্য সাধক তেওঁ । মৃদঙীয়া বৰবায়নৰূপে আছে তেওঁৰ সুকীয়া প্রসিদ্ধি । সুদীর্ঘ দিন ধৰি মৃদঙীয়া গায়ন-বায়নৰ চর্চা, অনুশীলন, প্রশিক্ষণ আৰু পৰিৱেশনৰ দ্বাৰা মৃদঙীয়া গায়ন-বায়ন শৈলীৰ সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰি আহিছে ।