অসম

assam

ETV Bharat / state

জুবিন গাৰ্গৰ কথাৰ কোনো ঠিক নাই : প্ৰমোদ বড়ো - financial assistance to women

women self-help groups: বিটিচিৰ কৃষি বিভাগৰ পৰা ৫০০ মহিলা আত্মসহায়ক গোটলৈ ১০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান । বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰধান প্ৰমোদ বড়োৱে মুছলপুৰত আৰম্ভ কৰে এই কাৰ্যসূচীৰ ।

Pramod Boro distributes One-time assistance of Rs 10,000 to women SELF-Help Groups
আত্মসহায়ক গোটলৈ ১০ হাজাৰ টকাৰ এককালীন সাহায্য

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 7:58 PM IST

Updated : Mar 11, 2024, 9:22 PM IST

প্ৰমোদ বড়োৰ ভাষ্য

বাক্সা, ১১ মাৰ্চ :সোমবাৰে মুছলপুৰত 500 টাকৈ আত্মসহায়ক গোটক 10 হাজাৰ টকাকৈ এককালিন সাহায্য প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ কৃষি বিভাগে অৰ্থনৈতিকভাৱে আত্মসহায়ক গোটসমূহক সবল কৰি তুলিবলৈ এই পদক্ষেপ হাতত লৈছে ৷ বিটিআৰ চৰকাৰে এইবাৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ৷

আজিৰ সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি মহিলাসকলৰ মাজত এককালীন সাহায্য বিতৰণ কৰে ৷ বিটিআৰত ভূমিৰ সমস্যা, শিক্ষাৰ সমস্যা দূৰ হোৱাৰ পাচত এইবাৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ পৰিকল্পনা কৰিছে বিটিআৰ চৰকাৰে । বিটিআৰতো লাখপতি বাইদেউ সৃষ্টি কৰিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

ইফালে সমাগত লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাচত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে । কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে নিৰ্বাচনত পৰাজিত হৈ নিৰ্বাচনী আয়োগক জমা দিয়া আমানতৰ ধন ঘূৰাই নাপাব বুলি ক’লে প্ৰমোদ বড়োৱে । ইফালে 'কা' সন্দৰ্ভত জুবিন গাৰ্গে গ্ৰহণ কৰা স্থিতিক লৈও মন্তব্য কৰে প্ৰমোদ বড়োৱে । জুবিন গাৰ্গৰ কথাৰ কোনো ঠিক নাই বুলি কৈ তেওঁ কয় যে আজি এটা কালি এটা কথা কোৱা মানুহৰ কথা কি শুনিব !

উল্লেখ্য যে, আজিৰ চেক বিতৰণ অনুষ্ঠানত বিটিচিৰ কৃষি বিভাগৰ ই এম ঘনশ্যাম দাস, কৃষি বিভাগৰ সঞ্চালক ফণীধৰ ব্ৰহ্ম, অ' এছ ডি মনোৰঞ্জন দাস, জিলা কৃষি বিষয়া দুলাল দাসকে ধৰি কেবাগৰাকীও বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :বিপিএফৰ প্ৰাৰ্থী জয়ী হোৱাটো দূৰৈৰ কথা, আমানতৰ ধনো ঘুৰাই নাপাব : প্ৰমোদ বড়ো

Last Updated : Mar 11, 2024, 9:22 PM IST

ABOUT THE AUTHOR

...view details