অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

সৰুপথাৰত স্মাৰ্ট মিটাৰ খুলি পেলোৱা গ্ৰাহকৰ বিৰুদ্ধে গোচৰ; কঠোৰ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - Protest Against Smart Meter

Smart Meter issue: সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত যুদ্ধংদেহী পৰিস্থিতি । স্মাৰ্ট মিটাৰ খুলি প্ৰতিবাদী ৰাইজে বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ত জমা দিয়াৰ পিচতে গোচৰ ৰুজু আৰক্ষীৰ ওচৰত । ইয়াকে লৈ গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ বিষয়াক সকীয়নি কৃষক নেতা বিদ্যুৎ শইকীয়াৰ।

Sarupathar Smart Meter Protest
বিদ্যুৎ বিভাগক কঠোৰ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (ETV Bharat Assam)

সৰুপথাৰ, ৩ অক্টোবৰ :গোলাঘাট জিলাৰসৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ বিষয়াক প্ৰত্যাহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বিদ্যুৎ গ্ৰাহকৰ বিৰুদ্ধে বিদ্যুৎ চুৰিৰ অভিযোগত গোচৰ দিয়া সন্দৰ্ভত বিষয়াগৰাকীক মুকলি প্ৰত্যাহ্বান তথা সকীয়নি কৃষক মুক্তিৰ ।

উল্লেখ্য যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সৰুপথাৰৰ একাংশ লোকে নিজৰ ঘৰৰ স্মাৰ্ট মিটাৰ খুলি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিছিল । কিন্তু স্মাৰ্ট মিটাৰ খুলি কাৰ্যালয়ত জমা দিয়াৰ পিচতেই সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়াই মিটাৰবিহীনভাৱে চোৰাংকৈ বিদ্যুৎ সংযোগৰ অভিযোগ তুলি আৰক্ষীক ব্যৱস্থা ল'বলৈ জাননী প্ৰেৰণ কৰে ।

বিদ্যুৎ বিভাগক কঠোৰ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (ETV Bharat Assam)

সেয়ে স্মাৰ্ট মিটাৰ খুলি কাৰ্যালয়ত জমা দিয়া ঘটনাই এতিয়া সৰুপথাৰৰ একাংশ জনতাৰ বিপদ আনিব নেকি তাক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে । কিয়নো স্মাৰ্ট মিটাৰ খুলি নিজাকৈ চুৰি কৰি বিদ্যুৎ সংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে সৰুপথাৰৰ একাংশ প্ৰতিবাদী জনতাৰ বিৰুদ্ধে । ইয়াৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা ল'বলৈ জাননী প্ৰেৰণ কৰিছে শক্তি বিভাগে ।

এই সম্পৰ্কে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

এক সংবাদমেল সম্বোধন কৰি বিদ্যুৎ শইকীয়াই কয়, "সৰুপথাৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ খুলি কাৰ্যালয়ত জমা দিয়াৰ পিচতেই মিটাৰবিহীনভাৱে চোৰাংকৈ বিদ্যুৎ সংযোগৰ বিষয়ে আৰক্ষীক ব্যৱস্থা ল'বলৈ জাননী প্ৰেৰণ কৰিছে । কিন্তু যিদৰে শক্তি বিভাগে ঘৰত গৃহস্থ নথকাৰ সময়ত অনভিজ্ঞ যুৱকক নিয়োগ কৰি পূৰ্বৰ মিটাৰ খুলি তাৰ ঠাইত স্মাৰ্ট মিটাৰ সংযোগ কৰিলে, তেতিয়া গৃহস্থ নথকা ঘৰৰ পৰা পূৰ্বৰ মিটাৰ খুলি নিয়া কাৰ্যত বিদ্যুৎ বিভাগ চোৰ ন'হল নেকি ?"

তেওঁ লগতে কয়, "যদিহে জনতাক গ্ৰেপ্তাৰ কৰে বা জনতাৰ ওপৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে কৃষক মুক্তিয়ে প্ৰত্যাহ্বানমূলক সিদ্ধান্ত গ্ৰহণ কৰিব । ৰাইজৰ পক্ষত সদায় থিয় দি থাকিব কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি ।" সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া ৰাজু বাৰিককো প্ৰত্যাহ্বান জনায় কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।

উল্লেখ্য যে ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে ৩০ ছেপ্টেম্বৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ত কেইবাশ লোকে বৃহৎ সমদলেৰে কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । আনহাতে, কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপস্থিতিত শতাধিক লোকে কাৰ্যালয়ত স্মাৰ্ট মিটাৰসমূহ তামোল-পাণৰ শৰাইসহ জমা দিয়াৰ বাতৰিও প্ৰকাশ পাইছিল । তাৰ পিচতে সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ তৰফৰ পৰা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয় ।

লগতে পঢ়ক :বোনাচক কেন্দ্ৰ কৰি ক্ষোভিত শ শ শ্ৰমিকে অৱৰোধ কৰিলে ঘাইপথ - Tea estate labours protest
লগতে পঢ়ক :থানাৰ ভিতৰতে মহিলা আৰক্ষীক আক্ৰমণ - Itachali police station

ABOUT THE AUTHOR

...view details