যোৰহাট, ২ অক্টোবৰ :শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন চলিছে । পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰ । এতিয়া দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল । ৰাজ্য়ত মৃৎশিল্পৰে জড়িত শিল্পীৰ সংখ্য়া হ্ৰাস পাইছে যদিও একাংশ উদ্যমী যুৱকে পিছে এই শিল্পটোক আত্মসংস্থাপনৰ পথ হিচাপে বাচি লৈছে ।
- ব্যতিক্ৰম ৰূপত যোৰহাটৰ এজন যুৱক
যিসময়ত ৰাজ্য়ত বহিঃৰাজ্যৰ মৃৎশিল্পীৰ দপদপনিক লৈ চৰ্চা হৈছে তেনে সময়তেই যোৰহাটৰ এজন অসমীয়া যুৱকে এই শিল্প সাধনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । জিলাখনত থকা মৃৎশিল্প প্ৰতিষ্ঠান সমূহত দেৱী দুৰ্গাৰ লগতে অন্যান্য মূৰ্তি নিৰ্মাণ কৰিবলৈ কলকাতাৰ শিল্পীৰ সহায় ল'বলগা হৈছে । বহিঃৰাজ্য়খনৰ পৰা অহা মৃৎশিল্পীৰে বিভিন্ন প্ৰতিষ্ঠান ভৰি পৰাৰ মাজতে ব্যতিক্ৰম ৰূপত যোৰহাটৰ এখন মৃৎশিল্প প্ৰতিষ্ঠানে চৰ্চা লাভ কৰিছে ।
- চতুৰ্থ শ্ৰেণীৰ পৰাই সাধনাত ব্য়স্ত
এজন উদ্যমী যুৱক, নাম চিৰঞ্জীৱ বৰা ৷ অসাধ্যক সাধন কৰা সংকল্প এইজন যুৱকৰ । যোৰহাটৰ ঢেকড়গঢ়াৰ উদ্যমী যুৱকজনে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰে পৰা শিল্প কৰ্মৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দেৱী দুৰ্গাৰ প্ৰতিমাৰ লগতে অন্যান্য দেৱ-দেৱী প্ৰতিমাও নিৰ্মাণ কৰি আহিছে ৷ উল্লেখ্য় যে চিৰঞ্জীৱে নিজেই নিৰ্মাণ কৰা প্ৰতিমাৰেই নিজ বাসভৱনত দুৰ্গা পূজা আয়োজন কৰি আহিছিল । পৰৱৰ্তী সময়ত উক্ত দুৰ্গা পূজা ২০১২ চনৰ পৰা গাঁৱৰ ৰাইজে পালন কৰিবলৈ লয় ।
একাগ্ৰতা আৰু অধ্যৱসায়ৰ বাবে মৃৎশিল্পী হিচাপে পৰিচিত হৈছে চিৰঞ্জীৱ বৰা । তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মা দুৰ্গাই । এই প্ৰতিষ্ঠানখনৰ জৰিয়তে চিৰঞ্জীৱ বৰাই নিজকে সংস্থাপিত কৰাৰ লগতে আন কেইবাজনকো সংস্থাপিত কৰিছে । তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা সময়ৰ পৰাই বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল ।