কলিয়াবৰ: শিল্পীয়ে সদায় মুক্তভাৱে সৃষ্টিশীল কৰ্মত ব্য়স্ত থাকিয়েই আনন্দ লাভ কৰে । সেয়েহে তেওঁলোকে কোনো নিৰ্দিষ্ট পৰিধিৰ মাজত আৱদ্ধ থকাৰ পৰিৱৰ্তে মুকলি মনেৰে কৰ্মত ব্য়স্ত হয় । সৃষ্টিশীল কৰ্মৰ বাবেই এদিন চাহ বাগিচাৰ চাকৰি ইস্তফা দি মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছিল এগৰাকী শিল্পী । বিগত পাঁচ দশক ধৰি মৃণ্ময় শিল্পত ব্য়স্ত থকা এইগৰাকী শিল্পীয়ে অৱশেষত লাভ কৰিলে স্বীকৃতি ।
ঔদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত ইলেক্ট্ৰিচিয়ান ৰূপে প্ৰথমতে এখন চাহ বাগিচাত কাম কৰিছিল ধীৰেন বৰঠাকুৰ নামৰ মৃণ্ময় শিল্পীগৰাকীয়ে । কিন্তু সৃষ্টিশীল মনৰ অধিকাৰী শিল্পীগৰাকীয়ে চাকৰি জীৱনৰ সমাপ্তিলৈ ৰৈ নাথাকি আনুষ্ঠানিক কৰ্মৰ পৰা অব্যাহতি লৈ মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হয় । সেই যাত্ৰাই আজি পূৰ্ণতা লাভ কৰিলে ।
১৯৯৩ চনৰ পৰাই মূৰ্তি নিৰ্মাণ কৰি নিচাক পেচালৈ ৰূপান্তৰিত কৰি সমাজ জীৱনলৈ অৱদান আগবঢ়াই আহিছে শিল্পীগৰাকীয়ে । তেওঁ এইবৰ্ষত লাভ কৰিলে শিল্পী পেন্সন । এই সন্মান লাভ কৰাৰ বিশেষ দিনটোতো সৰস্বতী প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত হৈ থকা ধীৰেণ বৰঠাকুৰৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "ইয়াৰ আগতেও মই শিল্পীৰ বাবে অসম চৰকাৰে আগবঢ়োৱা এককালীন সাহয্য লাভ কৰিছিলো । আঠটা বছৰ অপেক্ষাৰ অন্তত এই পেঞ্চন লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিছো । এতিয়া দায়িত্ব বাঢ়িল । বাকী দিন সমূহো দেহাই টনালৈকে এনেদৰে শৈল্পিক কৰ্মত নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰিম ।"