হাফলং, ১মাৰ্চ:অৱশেষত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ল । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১১ গৰাকী কাৰ্যনিৰ্বাহ সদস্যৰ মাজত এই দপ্তৰসমূহ বিতৰণ কৰে । উল্লেখ্য যে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১১ গৰাকী কাৰ্যনিৰ্বাহ সদস্যৰ তালিকাত অনুমোদন জনোৱাৰ পিচত যোৱা ১৫ ফেব্ৰুৱাৰীত পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যসকলে শপতগ্ৰহণ কৰিছিল । এই শপতগ্ৰহণৰ ১৫ দিন পিচত পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য সকলৰ মাজত দপ্তৰ বিতৰণ কৰা হয় ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য ধনপাইন থাওচেনক অৰ্পণ কৰা হৈছে প্ৰাথমিক শিক্ষা বিভাগৰ দায়িত্ব । ইপিনে, প্ৰবীতা জহৰিক অৰ্পণ কৰা হৈছে হস্ততাত ৰেচম আৰু ক্ৰীড়া যুৱ কল্যাণ বিভাগ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব আমেন্দু হোজাইক দিয়া হৈছে । কৃষি বিভাগৰ দায়িত্ব দিয়া হৈছে দেৱজিৎ বাটাৰিক । আনহাতে,পশুপালন পশু চিকিৎসা আৰু সাংস্কৃতিক বিভাগৰ দায়িত্ব দিয়া হৈছে মনজিত নাইডিংক। নিৰঞ্জন হোজাইক অৰ্পণ কৰা হৈছে সমাজ কল্যাণ আৰু গ্ৰামোন্নয়ন বিভাগ ।