গুৱাহাটী, ১৬ জুলাই : চলিত বৰ্ষৰ 'আনন্দৰাম বৰুৱা বঁটা' প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা বিভাগে । ৰাজ্য চৰকাৰৰ এই বঁটাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন । ডি বি টি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন । এই সন্দৰ্ভত ইতিমধ্য়ে শিক্ষা বিভাগৰ পৰা জাননী জাৰি কৰা হৈছে । মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে ৰাজ্যৰ সকলো বিদ্যালয় পৰিদৰ্শকলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা ।
উল্লেখ্য় যে এই বঁটাৰ বাবে অহা ২৫ জুলাইৰ পূৰ্বে 'বিদ্যাৰ্থী' শীৰ্ষক প'ৰ্টেলত শিক্ষাৰ্থীসকলে নাম পঞ্জীয়ন কৰিব লাগিব । মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰা উক্ত নিৰ্দেশনাটোত আনন্দৰাম বৰুৱা বঁটাৰ নগদ ধনৰ বাবে অনলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে । সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীৰ লগতে শিক্ষাৰ্থীসকলক অৱগত কৰিবলৈ বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিয়া হৈছে ।