অসম

assam

ETV Bharat / state

বন্ধ হোৱাৰ দিশে বশিষ্ঠস্থিত চাৰু কাৰু কলা মহাবিদ্যালয় - Guwahati Student protest

Government College Of Arts and Crafts : স্বাধীনতাৰ অমৃতকালতো আজিলৈ অমৃতৰ এটা টোপালো লাভ নকৰা এখন চৰকাৰী মহাবিদ্যালয় ৷ ক্ৰমে বন্ধ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়খন ।

College Of Arts and Crafts
ক্ৰমে বন্ধ হোৱাৰ পথত অসমৰ একমাত্ৰ চাৰু কাৰু কলা মহাবিদ্যালয়

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:00 AM IST

ক্ৰমে বন্ধ হোৱাৰ পথত অসমৰ একমাত্ৰ চাৰু কাৰু কলা মহাবিদ্যালয়

গুৱাহাটী, ১ মাৰ্চ :ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ উন্নয়নৰ দাবী কৰেহে কৰে কিন্তু প্ৰকৃততে কিমান সত্য মন্ত্ৰী-আমোলাৰ এই দাবী ৷ মহানগৰীৰ এক জনবহুল এলেকাত থকা এখন মহাবিদ্যালয়ৰ দুৰৱস্থাই এই কথা আপোনাকে ভাবিবলৈ বাধ্য কৰাব ৷ এইখন হৈছে অসমৰ একমাত্ৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয় ।

১৯৪৭ চনৰ ১৫ আগষ্টত স্থাপন হৈছিল এই মহাবিদ্যালয়খন ৷ এইখন অসমৰ প্ৰথমখন চৰকাৰী শিল্প মহাবিদ্যালয় । কিন্তু চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয় (বশিষ্ঠ) গুৱাহাটীৰ বৰ্তমান অৱস্থা অতি শোচনীয় । মহাবিদ্যালয়খনত বৰ্তমানে প্ৰতিটো বিভাগৰ শিক্ষকৰ অভাৱ ।

৪ টা বিভাগত কমেও ১৫/২০ জন শিক্ষকৰ বিপৰীতে বৰ্তমান ৫/৬ জন শিক্ষকেৰে মহাবিদ্যালয়খন চলি আছে । তাৰো এটা বিভাগত বৰ্তমান এজনো শিক্ষক নাই । বিভাগকেইটাৰ বাহিৰেও অসমীয়া, ইংৰাজীকে ধৰি অন্য বিষয়বোৰ চলিবলৈও কেইগৰাকীমান অস্থায়ী শিক্ষক আহিছিল । কিন্তু তেওঁলোককো ২ বছৰ ধৰি দৰমহা নিদিয়াৰ বাবে ১ মাৰ্চৰ পৰা তেওঁলোকে কলেজ ত্যাগ কৰিব বুলি খবৰ পোৱা হৈছে ।

ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত শ্ৰেণীকোঠা চকী-মেজ, পানী যোগান, পুথিভঁৰাল, হোটেল, সীমা আদিকে ধৰি মহাবিদ্যালয়খনত বিজুলী বাতিৰ সু-ব্যৱস্থাৰো অভাৱ । ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠা, স্বাস্থ্যৰ ব্যৱস্থা, আনকি বিভাগবোৰৰ বাবে ষ্টুডিঅ’ৰো সা-সুবিধা নাই মহাবিদ্যালয়খনত। মহাবিদ্যালয়খনৰ হেমাহিৰ বাবে কোনো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিৰ সুবিধা পোৱা নাই।

মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে যে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত মহাবিদ্যালয়খন আজিলৈকে অৱহেলিত হৈ আছে । শিক্ষাৰ্থীসকলে দীৰ্ঘদিন ধৰি ইখনৰ পিচত সিখনকৈ আবেদন উৰ্ধতম বিভাগলৈ প্ৰেৰণ কৰি আহিছে ৷ ছাত্ৰ একতা সভাকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীয়েও যথা সময়ত মহাবিদ্যালয়খনৰ সমস্যাসমূহ লৈ আবেদন নিবেদন কৰিছে যদিও কোনো খা খবৰ নাই বিভাগটোৰ ।

বৃহস্পতিবাৰে এই সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিবলৈ, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ অচিৰেই শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় ক্ষুব্ধ শিক্ষাৰ্থীসকলে ৷

লগতে পঢ়ক:পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details