জোনাই, 2 মাৰ্চ: জোনাইৰ অসম-অৰুণাচল সীমান্তত আশ্চৰ্যজনক ঘটনা ৷ অসম-অৰুণাচল সীমান্তৰ লেকু গাঁৱৰ একেটা পৰিয়ালৰ পৰা নিৰুদ্দেশ হৈ আছে চাৰিজনকৈ লোক ৷
জানিব পৰা মতে, 14 মাৰ্চৰ পৰাই জোনাইৰ আদি লেকুৰ একেটা পৰিয়ালৰ চাৰিজন সদস্য নিৰুদ্দেশ হৈ আছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে অৰুণাচলৰ ৰুকচিন থানাত গোচৰ ৰুজু কৰিছে যদিও সন্ধান উলিয়াব পৰা নাই নিৰুদ্দিষ্ট লোককেইজনৰ ৷ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত সন্দেহৰ আঙুলি তুলিছে ৰাজেশ শ্বাহ নামৰ এজন ব্যক্তিলৈ ৷ সমগ্ৰ ঘটনাৰ সৈতে ৰাজেশ শ্বাহ জড়িত হৈ আছে বুলি অভিযোগ তোলে পৰিয়ালৰ লোকে ৷
19 দিন ধৰি পৰিয়ালটোৰ 4 জনকৈ লোকৰ সন্ধান নোহোৱাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, বিগত মাৰ্চ মাহৰ 14 তাৰিখে পুৱাই বেংকলৈ বুলি ওলায় যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে পৰিয়ালটোৰ লোককেইজন । নিৰুদ্দেশ হোৱা লোককেইজনৰ ভিতৰত এজন ছাত্ৰও আছিল বুলি জানিব পৰা গৈছে ৷