ডিব্ৰুগড়, ১৬ মে':ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়ন কৰাৰ লগতে ৰোগীৰ বাবে সকলো চিকিৎসাৰ পৰীক্ষা-নিৰীক্ষা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া কৰাৰ কথা কৈ থকা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা ক্ষেত্ৰৰ অন্যতম প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগে কৈ থকাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত দালালৰ দপদপনি চলিছে । কিয়নো একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে কমিছনৰ অংকত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এতিয়া AMCH ৰ চৌহদৰ বাহিৰৰ একাংশ লেবৰটৰীত আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীসকলক ব্যক্তিগত লেবৰটৰীত পৰীক্ষা কৰোৱাই লক্ষ লক্ষ টকা আহৰণ কৰাৰ অভিযোগ উঠিছে ।
অসম চিকিৎসা মহাবিদ্যালয়ত একাংশ চিকিৎসকৰ বাবে চিকিৎসালয়ৰ ভিতৰচ’ৰাত দালালৰ জন্ম হোৱাৰ লগতে দালালৰ দপদপনিত সাধাৰণ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । এই অভিযোগ বিভিন্ন জনে দি থকাৰ মাজতে ডিব্ৰুগড়ৰ বিজেপিৰ জিলা সভাপতি উজ্বল কাশ্যপে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চলি থকা কেতবোৰ ভয়ংকৰ অনিয়মৰ কথা মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি জনোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল ।
ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত তৎপৰ হৈছে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৬ টাকৈ তেজৰ দালালক কৰায়ত্ত কৰা হৈছে । চিকিৎসালয়ৰ চৌহদত দীৰ্ঘদিনৰ পৰা যুৱককেইজনে ৰোগীৰ আত্মীয়ৰ লগত কথা-বতৰা পাতি তেজ দিয়াৰ নামত শ শ টকা সংগ্ৰহ কৰি আহিছিল ।