অসম

assam

ETV Bharat / state

বিনোদ বৰুৱাৰ পিষ্টলৰ গুলীৰ হিচাপ মিলা নাই - ULFA I bomb threat - ULFA I BOMB THREAT

ULFA I bomb plans: স্বাধীনতা দিৱসত আলফা(স্বাঃ)ই অসমৰ কেবাটাও স্থানত বোমা সংস্থাপন কৰা ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আটক কৰা ব্যৱসায়ী বিনোদ বৰুৱাক মাৰাথন জেৰা ৷ বৰুৱাৰ ব্যক্তিগত মাৰণাস্ত্ৰৰ গুলীৰ হিচাপত তাৰতাম্য পাইছে আৰক্ষীয়ে ৷

ULFA I bomb plans
আলফা স্বাধীনৰ বিস্ফোৰণৰ পৰিকল্পনাত আছিল নেকি বৰুৱাও (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 8:00 PM IST

তিনিচুকীয়া, ২৩ ছেপ্টেম্বৰ: চলিত বৰ্ষৰ ১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনে বোমা সংস্থাপন কৰি এক আতংকময় পৰিবেশৰ সূচনা কৰিছিল । স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি থকাৰ মাজতে সংবাদ মাধ্যমলৈ ই-মেইল বাৰ্তা প্ৰেৰণ কৰি আলফা(স্বাঃ)ই কাৰিকৰী বিজুতিৰ বাবে বোমাসমূহ নুফুটা বুলি উল্লেখ কৰি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই বোমাবোৰ নিষ্ক্ৰীয় কৰিবলৈ আৰক্ষীক আহ্বান জনায় ৷ তাৰ পিছতেই হুৱাদুৱা লাগে আৰক্ষী মহলত ৷ উল্লেখিত স্থানসমূহত বোমা বিচাৰি চলাথ কৰে আৰক্ষীয়ে ৷ উদ্ধাৰ হয় কেবাটাও বোমাসদৃশ সামগ্ৰী ৷

তিনিচুকীয়া জিলাৰ পানীতোলাতো বোমা সংস্থাপন কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰি চলাইছিল অভিযান, কিন্তু উদ্ধাৰ নহ’ল বোমা । পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা চমুকৈ NIA ক দায়িত্ব প্ৰদান কৰে । ইতিমধ্যে অসম আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ৰাজ্যত কেইবাজনকো আটক কৰি কাৰাগাৰলৈও প্ৰেৰণ কৰিছে ।

শেহতীয়াকৈ পুনৰ উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 15 গৰাকীকৈ লোকক আটক কৰা হৈছে । এই 15 গৰাকীৰ ভিতৰত এগৰাকী হৈছে তিনিচুকীয়াৰ ব্যৱসায়ী বিনোদ বৰুৱা ৷ শনিবাৰে নিশা NIA ৰ নিৰ্দেশত বিনোদ বৰুৱাক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে । বিনোদ বৰুৱাক আটক কৰি তিনিচুকীয়াৰ আৰক্ষী বিষয়াই ডুমডুমা থানালৈ লৈ যায় আৰু ডুমডুমা আৰক্ষী থানাতে মাৰাথন জেৰা চলায় ।

তথ্য অনুসৰি আৰক্ষীয়ে বিনোদ বৰুৱাৰ বাসগৃহত অভিযান চলাই বাসগৃহৰ পৰা নগদ প্ৰায় 50 লক্ষাধিক টকা জব্দ কৰে ৷ ইফালে বিনোদ বৰুৱাই নিজৰ নামত পঞ্জীয়ন থকা মাৰণাস্ত্ৰৰ গুলীৰ হিচাপ দিব পৰা নাই বুলি জানিব পৰা গৈছে । মাৰণাস্ত্ৰৰ গুলীৰ হিচাপত তাৰতম্য পাইছে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত NIA ৰ নিৰ্দেশত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰা ব্যৱসায়ী বিনোদ বৰুৱাৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ থানাত এক গোচৰ ৰুজু কৰিছে ৷

NIA ৰ নিৰ্দেশ অনুসৰি তিনিচুকীয়া সদৰ আৰক্ষী থানাত Case no - 338/24 U/S 27(1) Arms Act R/WSec 10/13 UA(P) Act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ ইফালে NIA ই সুকীয়াকৈ গোচৰ ৰুজু কৰিছে বিনোদ বৰুৱাৰ বিৰুদ্ধে ৷

তাৰোপৰি শদিয়াৰ অম্বিকাপুৰ নিবাসী বিশ্বজিৎ গগৈকো শনিবাৰে নিশা একে ঘটনাত জড়িতৰ অভিযোগত NIA ৰ নিৰ্দেশত শদিয়া আৰক্ষীয়ে আটক কৰে । শদিয়া আৰক্ষীয়ে বিশ্বজিৎ গগৈক আটক কৰে যদিও তদন্তৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে । সম্প্ৰতি ডিব্ৰুগড়তে আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা । বিশ্বজিৎ গগৈ এগৰাকী ব্যৱসায়ী হোৱাৰ লগতে বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাৰ ভাতৃ ।

লগতে পঢ়ক:আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ - ULFA I bomb plant case

আলফা (স্বাধীন)ৰ আই ডি সংস্থাপনত জড়িত তিনি যুৱকক কাৰাগাৰলৈ প্ৰেৰণ - ULFA I bomb plant case

ABOUT THE AUTHOR

...view details