অসম

assam

ETV Bharat / state

গুৱাহাটীত আৰক্ষী স্মৃতি দিৱস পালন

Police Commemoration Day: কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত আৰক্ষী স্মৃতি দিৱস পালন ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Police Commemoration Day
গুৱাহাটীত আৰক্ষী স্মৃতি দিৱস পালন (ETV Bharat)

গুৱাহাটী :আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস । দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষী জোৱানসকলক আজি দেশজুৰি স্মৰণ কৰা হৈছে । লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন কৰি শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ।

ৰাষ্ট্ৰীয় আৰক্ষী দিৱস পালন

গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । য'ত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা প্ৰমুখ্যে শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ।

গুৱাহাটীত আৰক্ষী স্মৃতি দিৱস পালন (ETV Bharat)

অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে শ্বহীদ জোৱানসকলক স্মৰণ কৰি কয়, "এই বছৰ সমগ্ৰ দেশতে কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি ২১৪ গৰাকী আৰক্ষী শ্বহীদ হৈছে । তাৰ ভিতৰত অসমৰ ৬ গৰাকী আৰক্ষী বিষয়া তথা জোৱান আছে । ইয়াৰে ৩ গৰাকী বহিঃৰাজ্যত কৰ্তব্য পালন কৰি থকা অৱস্থাত শ্বহীদ হোৱাৰ লগতে ৩ গৰাকী ৰাজ্যত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হৈছে । তেওঁলোকে দেশৰ বাবে যি বলিদান দিলে তাৰ বাবে তেওঁলোকক আজি স্মৰণ কৰিছো ।"

উল্লেখ্য যে, ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত চীনা সৈন্যৰ এম্বুছত ১০ গৰাকী বীৰ জোৱানে প্ৰাণ হেৰুৱাইছিল । সেই শ্বহীদসকলৰ লগতে কৰ্তব্যৰত অৱস্থাত নিহত আন সকলো জোৱানৰ স্মৃতিত ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয় ।

এই দিৱসৰ জৰিয়তে শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱা লগতে বৰ্তমান কৰ্মৰত আৰক্ষী আৰু তেওঁলোকৰ সৈতে প্ৰতিটো সময়তে থিয় দি থকা পৰিয়ালৰ সদস্যসকলকো কৃতজ্ঞতা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক :ভাৰতীয় আৰক্ষীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি; ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ ইতিহাসলৈ এক অৱলোকন

ABOUT THE AUTHOR

...view details