ETV Bharat / state

সত্ৰাধিকাৰ ড৹পীতাম্বৰ দেৱগোস্বামীলৈ ভূপেন হাজৰিকা সংহতি বঁটা

সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই ২০১৩ চনৰ পৰাই সুধাকন্ঠৰ স্মৃতিত প্ৰদান কৰি আহিছে বঁটা ।

Satradhikar Pitambar Devgoswami
সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

গোলাঘাট: সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ড৹ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, গোলাঘাটৰ উদ্যোগত অহা ৫ নৱেম্বৰত ভূপেন হাজৰিকা স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানতেই এই বৰ্ষৰ 'ড৹ ভূপেন হাজৰিকা সংহতি বঁটা' প্ৰদান কৰিব সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই । সোমবাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই ।

ড৹ ভূপেন হাজৰিকা সংহতি বঁটা নিৰ্বাচনী সমিতিয়ে অসমৰ কৃষ্টি, সংস্কৃতি, আধ্যাত্মিকতা আৰু সংহতিৰ বাবে জীৱনজোৰা প্ৰচেষ্টা অব্যাহত ৰখা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীক এই বৰ্ষৰ ড৹ ভূপেন হাজৰিকা সংহতি বঁটাৰ বাবে বাচনি কৰিছে ।

উক্ত দিনটোতে অসম ভিত্তিত 'ক' আৰু 'খ' শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে বুলি এক বিবৃতিত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ,সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা আৰু ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, গোলাঘাটৰ সভাপতি ড৹ পুতুল শইকীয়াই সদৰী কৰিছে ।

বিগত বৰ্ষত এই বঁটা লাভ কৰা ব্য়ক্তিসকল

উল্লেখ্য় যে ২০১৩ চনৰ পৰা ভূপেন হাজৰিকা স্মৃতি দিৱস পালন কৰি অহা সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই ২০১৩ চনত বীৰেণ সিংহক, ২০১৪ চনত ৰবিৰাম ব্ৰহ্মক, ২০১৫ চনত বীৰুবালা ৰাভাক, ২০১৬ চনত সূৰ্য দাসক, ২০১৭ চনত ধনদা পাঠকক, ২০১৮ চনত লিমচে চিমুঙক, ২০১৯ চনত শিৱচৰণ দাসক, ২০২১ চনত উমাকান্ত বৈৰাগীক, ২০২২ চনত তৰাৱতী মিলিক আৰু ২০২৩ চনত পদ্মেশ্বৰ গগৈক এই বটা প্ৰদান কৰিছে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাসমূহৰ বাবে ৭০০২২৩০৭৯৪,৮৪৭১৮৩৮১৯১,৮৮৭৬২৯৪০৫৮,৭০০২৯৬১৩৬২নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে ।

লগতে পঢ়ক: লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.