ETV Bharat / state

প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় উদ্বোধন

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত এ চি চি এফ নাৰ্ছিং কলেজৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

BSc Nursing College
বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি (ETV Bharat Assam)

বৰপেটা: অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত সোমবাৰে বৰপেটাত মুকলি কৰা হয় প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয়। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত বৰপেটা কেঞ্চাৰ কেয়াৰ চেণ্টাৰত স্থাপন কৰা মহাবিদ্যালয়খন উদ্বোধন কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

মহাবিদ্যালয়খন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়," কেঞ্চাৰ কেয়াৰ চেণ্টাৰসমূহ স্থাপনৰ জৰিয়তে অসম চৰকাৰে কেঞ্চাৰ ৰোগীসকলে ৰাজ্যৰ বাহিৰলৈ যাবনলগীয়া পৰিৱেশ সৃষ্টি কৰিছে । ইয়াৰ পাছত অসম চৰকাৰে উচ্চ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসমত নাৰ্ছিং শিক্ষা ব্যৱস্থা প্ৰসাৰৰ উদ্যোগ লৈছে । "

বাজেটত নখন বি এছ চি নাৰ্ছিং প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়," যোৱা ৰাজ্যিক বাজেটত অসমত নখন বি এছ চি নাৰ্ছিং প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । তাৰে বৰপেটাৰ নাৰ্ছিং কলেজখন আজি মুকলি কৰা হয় । " মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নাৰ্ছিঙতো আজিকালি বিশেষজ্ঞ পাঠ্যক্ৰমৰ সূচনা হৈছে । অসম চৰকাৰেও সেইমতে তেনে পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে ।‌"

কেইবাখনো দেশে অসমৰ পৰা নাৰ্ছ বিচাৰি যোগাযোগ কৰিছে

ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জাপানকে ধৰি বিশ্বৰ কেইবাখনো দেশে অসমৰ পৰা নাৰ্ছ বিচাৰি যোগাযোগ কৰিছে । সেইবাবে বিদেশতো অসমৰ নাৰ্ছে সেৱা আগবঢ়াব পৰাকৈ নাৰ্ছিং পাঠ্যক্ৰমত বিদেশী ভাষা শিকাৰো পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে ৷

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে উল্লেখ কৰে যে ভাৰতত আগন্তুক দহ বছৰত কমেও দুই কোটি নাৰ্ছৰ প্ৰয়োজন হ'ব । অসমে ইয়াৰ সুযোগ ল'ব বিচাৰিছে ।

এই অনুষ্ঠানটোত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ চীফ অপাৰেটিং বিষয়া জয় প্ৰকাশ প্ৰসাদ, ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে আজি মুকলি কৰা শিক্ষা প্ৰতিষ্ঠানখনত ত্ৰিশখন আসন আছে আৰু ইয়াত নামভৰ্তিও সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক:শীঘ্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক বাৰ্ণ ইউনিট - Burn Unit in JMCH

"চিন্তাৰ কোনো কাৰণ নাই"- বিশিষ্ট উদ্যোগপতি ৰতন টাটা - Ratan Tata health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.