ETV Bharat / state

মুঠতে নিৰ্বাচনত টিকট লাগে, তাৰ কাৰণে লাগিলে মাৰপিটেই কৰিব নালাগক কিয় !

পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা নহ'লেও আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Candidate centric conflict
মাজুলীত কংগ্ৰেছীৰ খণ্ডযুদ্ধ (ETV Bharat Assam)

মাজুলী : ৰাজ্যত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ । উপ-নিৰ্বাচনৰ সমান্তৰালকৈ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বতাহ লাগিছে ৰাজনৈতিক দলসমূহৰ মাজত । পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা নহ'লেও সম্ভাব্য় প্ৰাৰ্থীসকলে আৰম্ভ কৰিছে তৎপৰতা । এতিয়াৰ পৰাই পেনেলত নাম অন্তৰ্ভুক্ত কৰিবলৈ সকলো প্ৰকাৰে প্ৰস্তুতি চলাইছে । আনকি কিছুমানে বল প্ৰয়োগ কৰিবলৈও আৰম্ভ কৰিছে । আৰম্ভ হৈছে খণ্ডযুদ্ধ ।

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে লৈছে চূড়ান্ত ৰূপ

মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে লৈছে চূড়ান্ত ৰূপ । দেওবাৰে উজনি মাজুলী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সম্মুখত দেখা গ'ল কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা । কাৰ্যালয়টোত জেংৰাই গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থিত্বক লৈ হোৱা এক অনানুষ্ঠানিক আলোচনাৰ মাজতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ।

পঞ্চায়তখনৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি জিলা কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা উদ্ধৱ দলে আৰু ৬ নং ৱাৰ্ডৰ কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰথমে বাক-বিতণ্ডা হোৱাত উক্ত সংঘাতে চূড়ান্ত ৰূপ লয় আৰু মাৰপিটৰ পৰিস্থিতিৰ উদ্ভৱ হয় । কংগ্ৰেছ কৰ্মী অজাৱৰ দলেৰ পৰা বিষয়টো জানিবলৈ বিচৰাত তেওঁ কয়," ৰাইজে সৰ্বসন্মতি ক্ৰমে দিয়া এক সিদ্ধান্ত নস্যাৎ কৰি কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতৃত্বক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাৰ বিষয়টোত প্ৰতিবাদ কৰাৰ বাবেই মোক শাৰীৰিকভাৱে আক্ৰমণ কৰে ।"

মাৰপিট কৰিছে মানে আমাৰ ফিল্ড ভাল হৈছে

উজনি মাজুলীৰ ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ ভিতৰৰ কাজিয়া আহি জেংৰাইমুখৰ ৰাজপথ পোৱাত উপস্থিত আৰক্ষীয়েহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে কয়," এয়া আমাৰ কাৰণে ভাল কথা । মাৰপিট কৰিছে মানে আমাৰ ফিল্ড ভাল হৈছে । ভাল নহ'লে কোনে মাৰপিট কৰিব আহিব ।" লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰাৰ পিছৰে পৰাই দলটোৰ নেতা-কৰ্মীসকল উৎসাহিত হৈছে‌ । সমান্তৰালভাৱে মাজুলী সমষ্টিতো দলটোৰ নেতা-কৰ্মীৰ মাজত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:জয়ন্ত বৰাক টিকট দিলে মুণ্ডন কৰিব জিলা সভাপতিয়ে

চিপিআইএমলক বিহালী এৰি দিলে সমৰ্থন নকৰে স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.