গুৱাহাটী/বিশ্বনাথ/ৰঙিয়া:অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰখাৰ পিচতো অপৰাধী পিচ হোঁহকা নাই ৷ ভিন্ন স্থানত ড্ৰাগছ, জুৱা, নাৰীদেহৰ ব্যৱসায় আদি এতিয়াও অব্যাহত আছে ৷
শনিবাৰেও আৰক্ষীয়ে ৰাজ্যৰ ভিন্নপ্ৰান্তত অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অভিযান চলাই কেবাটাও অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্ধ কৰে নিচাজাতীয় সামগ্ৰী ৷ শনিবাৰৰ দিনটোত মহানগৰীৰৰ উপৰিও বিশ্বনাথ আৰু ৰঙিয়াত চলা অপৰাধবিৰোধী অভিযানত আৰক্ষীয়ে মুঠ 9 টা অপৰাধীক গ্ৰেপ্তাৰ কৰে ৷
মহানগৰীৰ বেহাৰবাৰীত এছ টি এফ ৰ অভিযানত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয় । সৰবৰাহকাৰী দুটা মানকাচৰৰ আছাদ আলী আৰু জিয়াউৰ ৰহমান । সৰবৰাহকাৰী দুটাৰ পৰা ২০ টা হেৰ’ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয় । শনিবাৰে দিনৰ ভাগত বেহাৰবাৰীত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত যোৱা STF ৰ এটা দলটোৱে ড্ৰাগছ সৰৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছভৰ্তি চাবোনৰ বাকচকেইটাৰ লগতে নগদ ধনো জব্দ কৰে ।