অসম

assam

ETV Bharat / state

শিশু নিৰ্যাতনৰ গোচৰ: শীঘ্ৰেই বিশেষ আদালতত হাজিৰ হ’ব লাগিব চিকিৎসক দম্পতী - Pocso Special Court - POCSO SPECIAL COURT

Child Abuse Case in Guwahati: আদালতত বিচাৰাধীন হৈ আছে শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে উত্থাপিত গোচৰ ৷ 11 জুনত পৰৱৰ্তী শুনানিৰ দিন ঘোষণা ৷

Pocso Special Court is ready for the chargesheet against doctor couple sangeeta datta waliul islam
শীঘ্ৰেই পক্সো বিশেষ আদালতত হাজিৰ হ’ব লাগিব চেলিব্ৰিটী চিকিৎসক দম্পতী (Etv bharat assam)

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:45 PM IST

Updated : May 30, 2024, 11:56 AM IST

গুৱাহাটী, 29 মে’: পক্সো আইনৰ অধীনত শীঘ্ৰেই শাস্তিৰ সন্মুখীন হ’ব চেলিব্ৰিটী চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম ! তোলনীয়া দুই সন্তানক যৌন নিৰ্যাতন চলোৱা চেলিব্ৰিটী চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে চাৰ্জফ্ৰেমৰ বাবে সাজু হৈছে পক্সো বিশেষ আদালত । চিকিৎসক দম্পতীক পল্টন বজাৰ আৰক্ষীয়ে পক্সো আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰিলেও অভিযুক্তদ্বয়ৰ বিৰুদ্ধে কি কি ধাৰাত বিচাৰ চলিব সেই সন্দৰ্ভত মঙলবাৰে কামৰূপ মহানগৰ জিলা পক্সো বিশেষ আদালতে শুনানিৰ বাবে দিন ধার্য কৰিছিল যদিও পদকীয়া পক্ষই নতুন অধিবক্তা নিয়োগ কৰি গোচৰ সম্পৰ্কীয় তথ্যপাতি নতুনকৈ বিচাৰি আৰ্জি দিয়াত চার্জ ফ্ৰেমৰ শুনানি সম্ভৱ নহ'ল ।

অৱশ্যে পদকীয়া পক্ষক অন্তিমবাৰলৈ গোচৰৰ তথ্য পাতি প্ৰদান কৰিবলৈ চৰকাৰী অধিবক্তাক নির্দেশ দি পক্সো আদালতে 11 জুনত চাৰ্জফ্ৰেমৰ বাবে পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে । আদালতত চার্জফ্রেম প্রক্রিয়া সম্পন্ন হ'লেই অভিযুক্ত চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্সো আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ।

প্ৰকৃততে হৈছিল কি:

উল্লেখ্য যে, দুটিকৈ দেৱতুল্য শিশুক তুলি লৈছিল ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে ৷ কিন্তু ইয়াৰ পাচত যৌন উৎপীড়ন চলোৱাৰ লগতে শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰিছিল । বিগত এবছৰ ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা চিকিৎসক দম্পতীৰ বিৰুদ্ধে ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে । এই অভিযোগনামাৰ পাতে পাতে শিশু দুটিক কেনেকৈ নৃশংস নির্যাতন চলাইছিল তাৰ শিহৰণকাৰী কাহিনী প্রকাশ পাইছে ।

কেবাটাও ধাৰা আৰোপ:

ইতিমধ্যে দণ্ডাধীশেও শিশু দুটিৰ জবানবন্দী লিপিৱদ্ধ কৰিছে । অভিযোগনামাত প্রকাশ পোৱা অনুসৰি চিকিৎসক দম্পতীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 307/325/326/341/370 ৰ লগতে জুভেনাইল জাষ্টিছ এক্টৰ 75/80/81 ধাৰা আৰু পক্সো আইনৰ 6/17 ধাৰা আৰোপ কৰা হৈছে । অভিযোগনামাত লগতে কন্যা শিশুটিৰ গুপ্তাংগত গৰম ইস্ত্রি লগাই উৎপীড়ন চলোৱাৰ উপৰিও চিকিৎসক সংগীতা দত্তই কন্যা শিশুটিয়ে বমি কৰিলে সেই বমি চেলেকি খাবলৈকো বাধ্য কৰোৱাইছিল বুলি উল্লেখ আছে ।

লগতে পঢ়ক:সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল - Child Abuse Case Guwahati

Last Updated : May 30, 2024, 11:56 AM IST

ABOUT THE AUTHOR

...view details