অসম

assam

ETV Bharat / state

POCSO আদালতত শিশু নিৰ্যাতনৰ গোচৰ : শুনানিৰ পিছতে মূৰ্চ্ছা গ’ল বিতৰ্কিত চিকিৎসক ৱালিউল ইছলাম - Child Abuse Case in Guwahati - CHILD ABUSE CASE IN GUWAHATI

Sangeeta Dutta And Waliul Islam: কামৰূপ জিলা পকছ’ আইনৰ অধীনষ্ঠ বিশেষ আদালতে বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম‌সহ মুঠ 5 অভিযুক্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে চাৰ্জফ্ৰেম কৰিছে । বিতৰ্কিত চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্‌ছ’ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাৰ অধীনত চলিব বিচাৰ প্ৰক্ৰিয়া ৷ শুনানিৰ অন্তত আদালততে মূৰ্চ্ছা যায় ৱালিউল ইছলাম ৷

pocso special court framed charges Against five people including Accused Doctor Couple under posco act
বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম‌ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:39 AM IST

গুৱাহাটী, 27 জুন: শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ চলিব সেয়া নিশ্চিত হৈছে । কামৰূপ জিলা পক্‌ছ’ বিশেষ আদালতে চিকিৎসক দম্পতীসহ মুঠ 5 অভিযুক্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে চাৰ্জফ্ৰেম কৰিছে ।

ধাৰাবোৰ (ETV Bharat Assam)

পক্‌ছ’ আইনৰ 6 নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ 376 (ক) আৰু (খ) ধাৰাৰ অধীনত চিকিৎসক দম্পতীৰ বিৰুদ্ধে কামৰূপ জিলা পক্‌ছ’ বিশেষ আদালতত বিচাৰ চলিব ।

উল্লেখ্য যে, পক্‌ছ’ আইনৰ 6 নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ 376 (ক) আৰু (খ) ধাৰাৰ অধীনত চিকিৎসক দম্পতীৰ বিৰুদ্ধে কামৰূপ জিলা POCSO বিশেষ আদালতত বিচাৰ চলে ৷ শুনানিৰ অন্তত আদালততে মূৰ্চ্ছা যায় অভিযুক্ত ৱালিউল ইছলাম । সুস্থ হোৱাৰ পিছত ইছলামক কাৰাগাৰলৈ নিয়া হয় । নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বিৰুদ্ধে যোৱা বছৰৰ 4 জুলাইত গুৱাহাটীস্থ পক্‌ছ’ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।

লগতে পঢ়ক:Guwahati Doctor Couple case : শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ইপিনে কামৰূপ জিলা পক্‌ছ’ বিশেষ আদালতত চিকিৎসক দম্পতীৰ বনকৰা‌ মহিলা লক্ষী আৰু কাব্যৰ বিৰুদ্ধে POCSO আইনৰ 21 নং ধাৰাৰ অধীনত বিচাৰ চলিব । আকৌ শিশু যোগান ধৰোতা উৎপলা বসুৰ বিৰুদ্ধে J J আইনৰ 80/81 75 নং ধাৰাৰ অধীনত বিচাৰ চলিব ।

উল্লেখ্য যে, শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছে । সম্প্ৰতি অভিযুক্ত চিকিৎসক দম্পতী গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে ৷

লগতে পঢ়ক:Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক

2023 বৰ্ষৰ 5 মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 6 মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত চলা অনুসন্ধানত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা সন্তান দুটিৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ পোহৰলৈ আহিছিল ।

মন কৰিবলগীয়া যে, দুই চিকিৎসক দম্পতীয়ে কেবাবাৰো আদালতত জামিন‌ আবেদন জনাই আহিছিল যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰিছে ।

লগতে পঢ়ক:শিশু নিৰ্যাতনৰ গোচৰ: শীঘ্ৰেই বিশেষ আদালতত হাজিৰ হ’ব লাগিব চিকিৎসক দম্পতী - Pocso Special Court

সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল - Child Abuse Case Guwahati

ভয়চ চেম্পলে বিপদ মাতিব নেকি সংগীতা-ৱালিউলৰ

Dr Sangeeta Dutta case :সংগীতা দত্তৰ বাহন ফ্লেটৰ চাবি মোকলাই দিয়াৰ আবেদন আত্মীয়ৰ

Sangeeta Dutta case : ধৃত আশাকৰ্মীৰ স্বীকাৰোক্তি; নিৰ্যাতিতা কন্যা শিশুটিক অনা হৈছিল বৰপেটা পৰা

Sangeeta Dutta Case: চিচিটিভি ফুটেজত ওলাইছে চিকিৎসক দম্পতীয়ে চলোৱা আতিশয্যৰ শিহৰণকাৰী দৃশ্য

ABOUT THE AUTHOR

...view details