অসম

assam

ETV Bharat / state

ৰ’ড শ্ব’ৰে কাজিৰঙাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi in Kaziranga National Park

PM Modi in Kaziranga: দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী মোদী ৷ আজি নিশাটো কাজিৰঙাত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰদ্যুম্নৰ পিঠিত উঠি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ জীপ ছাফাৰিও কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM Modi in Kaziranga National Park
ৰ’ড শ্ব’ৰে কাজিৰঙাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:10 PM IST

ৰ’ড শ্ব’ৰে কাজিৰঙাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাজিৰঙা, ৮ মাৰ্চ:কাজিৰঙাৰ ৰাজপথত শুকুৰবাৰে বিয়লি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰ’ড শ্ব’ কৰে ৷ বিয়লি পাণবাৰী হেলিপেডত অৱতৰণ কৰাৰ পিচতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগত লৈ কাজিৰঙাপৰ্যন্ত ৰ’ড শ্ব’ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিয়লি ৫-৩০ মান বজাত কাজিৰঙাৰ পাণবাৰীৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰে ৷ প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বুকুত পদাৰ্পণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেলিপেডত উষ্ম আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ লগতে হেলিপেডত উপস্থিত থাকে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ ইয়াৰ পিচতেই এছ পি জিৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰোড শ্ব’ কৰি পাণবাৰীৰ পৰা ১৬ কি মি আঁতৰৰ কঁহৰালৈ বুলি ধীৰ গতিৰে অগ্ৰসৰ হয় প্ৰধানমন্ত্ৰী ৷

দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ পাণবাৰীৰ পৰা কহঁৰাপৰ্যন্ত প্ৰায় ১৬ কিঃ মিঃ দৈঘ্যৰ ৩৭ নং ঘাইপথচোৱাৰ কাষত পূৰ্বৰে পৰা সাজু হৈ থকা অসমৰ বাৰেৰহণীয়া ভিন্ন সাংস্কৃতিক দলে নৃত্য-গীত প্ৰদৰ্শন কৰাৰ লগতে অজস্ৰ স্থানীয় লোকে প্ৰধানমন্ত্ৰীক দৰ্শন কৰিবলৈ ভিৰ কৰে ৷ পথৰ দুয়োকাষে উপবিষ্ট উৎসাহী জনগণৰ লগতে গায়ন-বায়ন, বিহু, ঝুমুৰ, দেওধনি, কাৰ্বি, মিচিং আদি বিভিন্ন দলে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি প্ৰদৰ্শন কৰা গীত-নৃত্যৰ প্ৰতি সহাঁৰি জনাই গাড়ীৰ দৰ্জা খুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে হাত জোকাৰি গুণমুগ্ধক অভিবাদন জনায় ৷

এনেদৰে ঠায়ে ঠায়ে ৰোড শ্ব’ কৰি সন্ধিয়া ৬-১০ বজাত কহঁৰা চাৰআলিত উপস্থিত হয় নৰেন্দ্ৰ মোদীৰ বিশাল কনভয় ৷ প্ৰধানমন্ত্ৰী মোদী কহঁৰা চাৰিআলিত উপস্থিত হোৱাৰ লগে লগে ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে মুখৰ হৈ পৰে সমগ্ৰ এলেকা ৷ পূৰ্বৰে পৰা দেশৰ প্ৰধানমন্ত্ৰীক দৰ্শন কৰিবলৈ কহঁৰা চাৰিআলিৰ লগতে পৰ্যটন এলেকাটোত পথৰ দুয়োকাষে অপেক্ষাৰত সহস্ৰাধিক ৰাইজে উৎসাহেৰে বিভিন্ন ধ্বনিৰে মোদীক আদৰণি জনায় ৷

ৰাইজৰ উৎসাহপূৰ্ণ অভিবাদনত মোদীৰ বিশাল কনভয় ২ মিনিট মানৰ বাবে কহঁৰা চাৰিআলিত স্থবিৰ হৈ পৰে ৷ ইয়াৰ পিচতে কহঁৰা চাৰিআলিৰ পৰা মোদীৰ কনভয় কহঁৰা আৰক্ষী অতিথিশালা দিশে অগ্ৰসৰ হয় ৷ আৰক্ষী অতিথিশালাৰ সমীপতো প্ৰধানমন্ত্ৰীগৰাকীক গায়ন-বায়ন, বিহু, দেওধনি আদি নৃত্য-গীতেৰে বিভিন্ন সাংস্কৃতিক দলে আদৰণি জনায় ৷

ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকী কহঁৰা আৰক্ষী অতিথিশালাত নৈশ যাপনৰ বাবে প্ৰৱেশ কৰে ৷ জানিব পৰা মতে, নিশালৈ প্ৰধানমন্ত্ৰীগৰাকীৰ কোনোধৰণৰ কাৰ্যসূচী নাই ৷ কাইলৈ পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত হাতী অথবা জীপ চাফাৰি কৰিব ৷ ইপিনে, আজি নিশাটো কাজিৰঙাৰ আৰক্ষীৰ অতিথিশালাত কটাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱা ৫ বজাত কঁহৰা বনাঞ্চলত ছাফাৰি কৰিব ৷

ইতিমধ্যে, প্ৰধানমন্ত্ৰীগৰাকীক ছাফাৰি কৰোৱাৰ বাবে প্ৰদ্যুম্ন নামৰ হাতীটোৰ লগতে ভালেকেইটা হাতী সাজু কৰি তোলা হৈছে ৷ আনহাতে, জীপ ছাফাৰিৰ বাবেও ইতিমধ্যে জীপচি সাজু কৰি তোলা হৈছে ৷

এই সকলোবোৰৰ তদাৰকৰ দায়িত্ব এচ.পি.জিয়ে চমজি লৈছে ৷ কঁহৰাৰ অতিথিশালাৰ দায়িত্বও এচ.পি.জি.য়ে নিজৰ তদাৰকলৈ নিছে ৷ ইফালে আজি সন্ধিয়া প্ৰধানমন্ত্ৰীক কহঁৰালৈ আদৰি অনাৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ প্ৰধানমন্ত্ৰীৰ উদ্যান দৰ্শন বিষয় সন্দৰ্ভত উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰৰ সামগ্ৰিক পৰিৱেশৰ বুজ লয় ৷

শনিবাৰে কাজিৰঙা ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটৰ হোলোঙা পথাৰত নতুনকৈ সাজি উলিওৱা বীৰ লাচিত বৰফুকনৰ বৃহদাকায় প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰিব আৰু এখন বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক:মোদীক সাক্ষাতৰ বাবে অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ

ABOUT THE AUTHOR

...view details