অসম

assam

ETV Bharat / state

এডভাণ্টেজ আছাম ২.O : ঝুমুৰ নৃত্যই পাব বিশেষ স্থান

অহা বছৰ ২৪-২৫ ফেব্ৰুৱাৰী গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়ন ইয়াৰ লক্ষ্য ।

Advantage Assam Summit
এডভাণ্টেজ আছাম ২.O;ঝুমুৰ নৃত্যই পাব বিশেষ স্থান (ANI)

By ANI

Published : 4 hours ago

গুৱাহাটী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন কৰিব ৷ গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ২০২৫ চনৰ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আয়োজন কৰিব ৷ এই সন্মিলনৰ লক্ষ্য হৈছে অসমত বিনিয়োগ বৃদ্ধি কৰা আৰু আন্তঃগাঁথনিৰ উন্নয়ন ।

প্ৰধানমন্ত্ৰীয়ে কৰিব উদ্বোধন

মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত উপস্থিত থাকিবলৈ সন্মতি প্ৰদান কৰিছে । আমি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সন্মিলনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছো । ইয়াৰ পূৰ্বেও অসম চৰকাৰে এডভাণ্টেজ আছাম আয়োজন কৰিছিল আৰু বহু বিনিয়োগকাৰীয়ে ৰাজ্যখনত বিনিয়োগ কৰিছিল । যোৱা ৪ বছৰত ৰাজ্যখনৰ শান্তিপূৰ্ণ পৰিৱেশ, সন্ত্ৰাসমুক্ত পৰিস্থিতি আৰু আন্দোলনমুক্ত পৰিৱেশৰ বাবে বহু বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ দেখুৱাইছে ।"

মেগা ঝুমুৰ নৃত্যৰ আয়োজন

আনহাতে ৰাজ্য চৰকাৰে ২৪ ফেব্ৰুৱাৰী বা ২৫ ফেব্ৰুৱাৰীত সন্মিলনৰ সময়ত এক মেগা ঝুমুৰ নৃত্য আয়োজন কৰাৰ পৰিকল্পনা কৰিছে, য'ত ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলৰ প্ৰায় ৭৫০০ নৃত্যশিল্পী তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰিব ।

দেশ-বিদেশত হ'ব ৰোড শ্ব'

সন্মিলনৰ সময়ত ৰাজ্য চৰকাৰে বিভিন্ন আন্তঃগাঁথনি খণ্ডৰ ওপৰত গুৰুত্ব দি কেইবাটাও আলোচনাচক্ৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে । তেওঁ কয়, "আমি নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান, অসামৰিক বিমান পৰিবহন মন্ত্ৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীকো আমন্ত্ৰণ জনাম ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনৰ তিনিটা দলে ছিংগাপুৰ, জাপান, আমেৰিকা, ইউকে আৰু ডুবাইকে ধৰি কেইবাখনো বিদেশ ভ্ৰমণ কৰি ৰোড শ্ব'ৰ জৰিয়তে এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰচাৰ কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমি মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুকে ধৰি দেশৰ ৬ খন মহানগৰত ৰোড শ্ব' অনুষ্ঠিত কৰিম । ভাৰত আৰু বিদেশৰ বিনিয়োগকাৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব ।"

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচনৰ পাচতে আৰম্ভ হ’ব এডভাণ্টেজ আছাম- 2.O

ABOUT THE AUTHOR

...view details