অসম

assam

ETV Bharat / state

অভিলেখ সৃষ্টিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫,৫৫,৫৫৫ পৰিয়ালৰ একেলগে গৃহ প্ৰৱেশ

5,55,555 houses of PMAY scheme : ৰাজ্যৰ ৫,৫৫,৫৫৫ টা গৃহৰ গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভনী কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অসমবাসীক সেৱা প্ৰদান কৰিব পাই নিজকে ধন্য মানিলে প্ৰধানমন্ত্ৰীয়ে । কংগ্ৰেছৰ দিনত এটা এটা ঘৰৰ বাবে মানুহে সংগ্ৰাম কৰিব লগীয়া হৈছিল । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহত আছে শৌচালয়, গেছৰ সংযোগ, বিজুলী সংযোগ, টেপ যোগে পানীৰ ব্যৱস্থা আদি সকলো সুবিধা । অসমত ১৮ লাখ পৰিয়ালে লাভ কৰিছে পকী ঘৰ ।

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 4:56 PM IST

Eঅভিলেখ সৃষ্টিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫,৫৫,৫৫৫ পৰিয়ালৰ একেলগে গৃহ প্ৰৱেশ
অভিলেখ সৃষ্টিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫,৫৫,৫৫৫ পৰিয়ালৰ একেলগে গৃহ প্ৰৱেশ

অভিলেখ সৃষ্টিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫,৫৫,৫৫৫ পৰিয়ালৰ একেলগে গৃহ প্ৰৱেশ

গুৱাহাটী, ৯ মাৰ্চ : একে সময়তে ৰাজ্যখনৰ ৫,৫৫,৫৫৫ টা পৰিয়ালে গৃহ প্ৰৱেশ কৰি ৰচনা কৰিলে অভিলেখ । এনেদৰে গৃহ প্ৰৱেশৰ বিশাল কাৰ্যসূচীৰে অসমে দেশৰ ভিতৰতে সৃষ্টি কৰিলে অভিলেখ । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আজি একেলগে ৫,৫৫,৫৫৫ টা গৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠান সম্পন্ন কৰা হয় । এই গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিশাটো কাজিৰঙাত কটাই পুৱা কাজিৰঙা অভয়াৰণ্যৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত যথেষ্ট সময় কটাই প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পাচতে অৰুণাচললৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী । অৰুণাচলৰ কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰী আহে যোৰহাটলৈ ।

যোৰহাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে । আনহাতে প্ৰধানমন্ত্ৰীয়ে আহোমৰ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি লাচিত বৰফুকনৰ মহান গৌৰৱময় গাথা স্মৰণ কৰি মৈদাম তৰ্পণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।

ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী মোদীয়ে মেলেং মেটেলি ৰাজহুৱা সভাত উপস্থিত হয় । উক্ত সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি অসমত একেলগে ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত দুটা বছৰত ৯ লাখ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিয়া হৈছে । আজি অভিলেখ সৃষ্টিৰে একেলগে ৫,৫৫,৫৫৫ টা পৰিয়ালক প্ৰদান কৰা হয় ঘৰ । প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানটো পঞ্চায়তসমূহত ভাৰ্চুৱেলী উপভোগ কৰাৰ ব্যৱস্থা কৰা হয় ।

লগতে পঢ়ক :গজৰাজক খাদ্য খুৱাই আনন্দিত প্ৰধানমন্ত্ৰী মোদী

আনহাতে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ১০ হাজাৰ লাখপতি বাইদেউ উপস্থিত থাকে । অনুষ্ঠানত লাখপতি বাইদেউৰ জীৱন আধাৰিত বুকলেট উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে । ইফালে ৬০ লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান উপভোগ কৰাৰ ব্যৱস্থা কৰা হয় ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা সকলক উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘৰে ঘৰে মিঠাইৰ টোপোলা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় । অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে আজি অসমৰ ৫,৫৫,৫৫৫ পৰিয়ালৰ পকী ঘৰৰ সপোন পূৰণ হ'ল । দ্ৰুত বিকাশৰ দিশে ধাৱমান হোৱা অসমৰ ইমান সংখ্যক লোকে একেদিনাই নিজৰ ঘৰলৈ যাবলৈ সক্ষম হৈছে ।

এই সেৱা প্ৰদান কৰিব পাই নিজকে ধন্য মানি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ দিনত এটা এটা ঘৰৰ বাবে মানুহে সংগ্ৰাম কৰিব লগীয়া হৈছিল । এতিয়া আমাৰ চৰকাৰে প্ৰতি দিনে ঘৰ দিবলৈ সক্ষম হৈছে । আজি এদিনতে অসমৰ ৫,৫৫,৫৫৫ পৰিয়ালে ঘৰ লাভ কৰিছে ।

এই ঘৰৰসমূহত শৌচালয়, গেছৰ সংযোগ, বিজুলী সংযোগ, টেপ যোগে পানীৰ ব্যৱস্থা আদি সকলো সুবিধা সংযুক্ত হৈ আছে । অসমত এতিয়ালৈকে ১৮ লাখ পৰিয়ালক এনে পকী ঘৰ দিয়া হৈছে বুলি সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বেছিভাগ ঘৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে । অৰ্থাৎ মহিলাসকল হৈছে এই ঘৰৰ মালিক ।

অসমৰ প্ৰতিগৰাকী মহিলাৰ জীৱন সুখকৰ হোৱাটো আমি বিচাৰো বুলি প্ৰধানমন্ত্ৰীয়ে কয় । মেলেং মেটেলি পথাৰৰ পৰাই প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৭ হাজাৰ ৫০০ কোটি টকাৰ বহু কেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে অসমবাসীক সম্বোধন কৰে ।

লগতে পঢ়ক :মূৰত মুগাৰ পাগুৰি, গাত পৰম্পৰাগত আহোম সাজেৰে লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details