অসম

assam

ETV Bharat / state

এগৰাকী সুদক্ষ খেলুৱৈ তথা পুৰুষ শিপিনীয়ে চকুলো টুকিছে - MISING WEAVER

তাঁতশালত দুহাতেৰে নানা ৰঙেৰে সৰগ ৰচা পুৰুষ শিপিনীৰ দুচকুত নিগৰিছে চকুলো । পাহৰনিৰ গৰ্ভত জোনাইৰ এজন সুদক্ষ খেলুৱৈ তথা মিচিং সমাজৰ প্ৰথম পুৰুষ শিপিনীগৰাকী ।

Plight of an accomplished athlete and male weaver of Jonai
সুদক্ষ খেলুৱৈ তথা পুৰুষ শিপিনীয়ে টুকিছে চকুলো (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 6:55 PM IST

জোনাই:জোনাইৰ এজন শিপিনী তথা খেলুৱৈ ৷ নাম তেওঁৰ মুহিকান্ত টায়ে । জোনাইৰ ২নং মূর্কংচেলেক গাঁৱৰ জৰাজীৰ্ণ ঘৰটোৱেই হ'ল তেওঁৰ ঠিকনা । তাঁতশালত দুহাতেৰে নানান ৰঙেৰে সৰগ ৰছা মুহিকান্ত টায়েৰ দুচকুত নিগৰিছে চকুলো । কিয়নো তেওঁৰ বয়স হৈছে ৷ তেওঁৰ দেহত আগৰ দৰে শক্তি নাই খেল খেলিবলৈ তথা তাঁতৰ শালত দুহাতেৰে বিভিন্ন ফুলৰ চানেকিৰ ফুল বাচিবলৈ ।

চাৰকাৰৰ পৰাও কোনো এটা আঁচনি নাভ কৰা নাই । মৰমৰ পত্নীয়েও ইসংসাৰ পৰা তেওঁক এৰি থৈ গ'ল অজান দেশলৈ । তথাপিও তেওঁ যেন ভাগৰি পৰা নাই । এই বয়সতো কাপোৰ বৈ কোনোবাই বিচাৰিলে এতিয়াও বনাই দিয়ে বিভিন্ন ফুলৰ চানেকি আৰু সুবিধা পালেই খেলিবলৈও যায় ।

সুদক্ষ খেলুৱৈ তথা পুৰুষ শিপিনীয়ে টুকিছে চকুলো (ETV Bharat Assam)

১৯৭৪ চনতে মিচিং বয়ন শিল্পক অৰ্থনৈতিকভাৱে লাভান্বিত আৰু উপকৃত কৰাৰ উদ্দেশ্য আগত লৈ 'শুৱনিখুটিৰ শিল্প উদ্যোগমিৰিজিম' নামেৰে এক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে জোনাইৰ আন বহুজনক বয়ন শিল্পৰ জ্ঞানৰ পোহৰ বিলোৱা মুহিকান্ত টায়েই আজি আৰ্থিক দুৰৱস্থাৰ বাবে এনেদৰে কটাব লগা হৈছে এক দুর্বিষহ জীৱন ।

এটা ভঙা-চিগা গোহালিসদৃশ ঘৰত কাপোৰৰ বেৰ দি অকলশৰে জীৱন পাৰ কৰিছে এসময়ত Indian Master Atheltics Championship ত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈ তথা শিপিনীগৰাকীয়ে । সম্ভৱতঃ তেওঁ মিচিং জনজাতিৰ প্ৰথম পুৰুষ শিপিনী । মুহিকান্ত টায়েই বিগত সময়ছোৱাত মিচিঙকে ধৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীয় সাজপাৰ নিজৰ তাঁতশালত বৈ চহকী কৰি আহিছে ।

কিন্তু এতিয়া তেওঁ যেন পাহৰণিৰ গৰ্ভত ! এসমত তেঁওৰ ওচৰলৈ ফুলৰ চানেকি বিচাৰি আৰু কপোৰ লগাই দিবলৈ বহুজনে বিচাৰি গৈছিল । এতিয়া তেওঁক সকলোৱে পাহৰিছে । কিয়নো তেওঁৰ বয়স হৈছে, আগৰ দৰে খেল বা তাঁতৰশালত বহি কাপোৰ বোৱাৰ শক্তি নাই । উল্লেখযোগ্য যে বয়ন শিল্পৰ সমান্তৰালভাৱে তেওঁ অসমক প্ৰতিনিধিত্ব কৰি ক্ৰীড়া জগততো ৰাজ্যিক পৰ্যায় তথা ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

এনেধৰণৰ বহু প্ৰতিভাৰে ৰাইজক পোহৰ তথা চহকী কৰা এইজন ব্যক্তিৰ জীৱনৰ দুৰ্দশা দেখি সচেতন ৰাইজ চিন্তিত হৈ পৰিছে । সেয়ে অসম চৰকাৰকে ধৰি বিশেষকৈ মিচিং স্বায়ত্ব শাসিত পৰিষদক তেওঁৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আহ্বান জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক:বিজেপিৰ সদস্য হ'লেহে এই চৰকাৰৰ দিনত পাব চৰকাৰী আঁচনি - ALLEGATION OF SCAM IN ORUNODOI

এইবাৰ মাঘত নহ’ব ম’হ যুঁজ-বুলবুলি যুঁজ; আইনী নিৰ্দেশনা - BUFFALO AND BULBUL BIRD FIGHT BANS

ABOUT THE AUTHOR

...view details