গুৱাহাটী :অসমত নাৰী শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠানসমূহৰ ভিতৰত এখন হৈছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত টি চি স্কুল । পুৰুষৰ সমানে নাৰীৰো যে শিক্ষাৰ প্ৰয়োজন আৰু অধিকাৰ আছে সেই কথা উপলব্ধি কৰিয়ে কেইগৰাকীমান দূৰদৰ্শী লোকৰ মন-মগজুৰ চিন্তাপ্ৰসূত ফল হৈছে এই টি চি স্কুল । তাৰ পৰৱৰ্তী সময়ৰ কাহিনী এক সোণসেৰীয়া ইতিহাস । তাহানিৰ টি চি স্কুলৰ পৰা বৰ্তমানৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ বুকুত লিখা আছে কত সাফল্যৰ গাথা, সামাজিক অৱদানৰ অনবদ্য ভূমিকা ।
সেয়া ১৯৪৫ চনৰ কথা । এফালে ব্ৰিটিছৰাজ, আনফালে দ্বিতীয় বিশ্বযুদ্ধৰ দামামা । সেই সময়তে কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীত জন্ম হৈছিল তাহানিৰ টি চি স্কুল আৰু বৰ্তমানৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় ।
ইতিহাসে গৰকা তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)
পৰৱৰ্তী সময়ত এই বিদ্যালয়খনে ঠন ধৰি উঠে আৰু নাৰী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায় । এই বিদ্যালয়খনত অধ্যয়ন কৰা বহু ছাত্ৰীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।
অৱশ্যে সৃষ্টিৰ আঁৰত থকা বহু কষ্ট আৰু তিতা-কেঁহা অভিজ্ঞতাৰ পৰা এই বিদ্যালয়খনকো নিলগত ৰাখিব নোৱাৰি । বিদ্যালয়খনৰ জন্মলগ্নৰ আঁৰত আছে বহু যন্ত্ৰণাদায়ক কাহিনী ।
কেনেদৰে জন্ম হৈছিল টি চি স্কুল
চিকিৎসক, বিশিষ্ট সমাজসেৱক তথা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক ডাঃ ঘনশ্যাম দাসে ১৯৭১ চনত ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থত এই সম্পৰ্কে বিস্তৃতভাৱে তেওঁৰ প্ৰবন্ধত উল্লেখ কৰি গৈছে ।
প্ৰবন্ধটোৰ মতে, দেশত ১৯৪২ চনৰ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনৰ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ সময়ত পাণবজাৰত অৱস্থিত একমাত্ৰ ছোৱালী হাইস্কুলখনলৈ ছাত্ৰীসকল সামৰিক বাহিনীৰ ভয়ত সংকোচ মনেৰে যাবলগীয়া হৈছিল । যাৰ বাবে এক বিকল্প ব্যৱস্থা হিচাপে চেনিকুঠিৰ বিশিষ্ট নাগৰিক কেশৱকান্ত বৰুৱাই এই অঞ্চলত এখন ছোৱালী হাইস্কুলৰ প্ৰয়োজন অনুভৱ কৰি গোপীনাথ বৰদলৈৰ সৈতে আলোচনা কৰে ।