গুৱাহাটী :সন্মিলিত কোচ ৰাজবংশী সংগঠনক অসম বন্ধ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰীকাই । দেওবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে সন্মিলিত কোচ ৰাজবংশী সংগঠনক অসম বন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনায় ।
উল্লেখ্য যে জনজাতিকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত কোচ ৰাজবংশী সন্মিলিত মঞ্চ আৰু আক্ৰাছুৱে ২১ জানুৱাৰীত অসম বন্ধৰ আহ্বান কৰিছে । অহা ২১ জানুৱাৰীৰ এই অসম বন্ধ প্ৰত্যাহাৰৰ আহ্বান জনাই দেওবাৰে দিছপুৰত মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদমেলখন সম্বোধন কৰে । মন্ত্রীগৰাকীয়ে কয়," সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ নেতৃত্বত সন্মিলিত মঞ্চই ২১ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছে । মই তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আহ্বান জনাইছো যে তেওঁলোকে বন্ধটো উঠাই লৈ চৰকাৰৰ লগত আলোচনাত বহে । শনিবাৰে তেওঁলোকৰ উচ্চস্তৰীয় এটা প্ৰতিনিধিৰ দলৰ লগত আমাৰ এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিল । "
মন্ত্রীগৰাকীয়ে পুনৰ কয়," বৈঠকত তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছিল । মূলতঃ চাৰিটা দাবীকলৈ তেওঁলোকে বন্ধ ঘোষণা কৰিছে । মই তেওঁলোকক অনুৰোধ কৰিছো যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত আমাৰ চৰকাৰৰ কোনো বাধা নাথাকে । কিন্তু আন্দোলনৰ নামত বন্ধ দিব নালাগে । বন্ধ দিলে ইয়াৰ বিৰূপ প্ৰভাৱ অসমৰ অৰ্থনীতিত তথা সমাজ জীৱনত পৰে । গতিকে অসম বন্ধ নিদিবলৈ মই তেওঁলোকক অনুৰোধ জনাইছো । "