যোৰহাট, ২ জুন :মৰিয়নীত দেওবাৰে অসম আৰক্ষীৰ সমৰসজ্জা । গাহৰি নিধনৰ বাবে যোৰহাট জিলা পশু স্বাস্থ্য বিভাগৰ দল উপস্থিত হোৱা বাবে আৰক্ষীয়ে পুৱাৰে পৰাই সষ্টম হৈ পৰে ৷ মৰিয়নীৰ নাগিনীজানত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ লোৱাৰ পিচতেই যোৰহাট জিলা পশু স্বাস্থ্য বিভাগে গাহৰি নিধনৰ বাবে চলায় এই অভিযান ৷ এই ঠাইৰ পৰা অন্য স্থানলৈ যাতে ৰোগবিধ বিয়পিব নোৱাৰে তাৰ বাবেই সতৰ্কতা হিচাপে দেওবাৰে এনে অভিযান চলায় ।
আফ্ৰিকান ছোৱাইন ফিভাৰে যাতে আন ঠাইলৈ বিয়পিব নোৱাৰে তাৰবাবে মৰিয়নীৰ নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনৰ প্ৰায় ১ কিলোমিটাৰ দূৰত্বৰ আশে-পাশে থকা গাহৰিৰ পালকৰ গাহৰি নিধন কৰিবলৈ পশু স্বাস্থ্য বিভাগৰ বিশেষজ্ঞ দল উপস্থিত হয় ৷ গাহৰি নিধনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে বৃহৎ সংখ্যাক আৰক্ষী মোতায়েন কৰে যদিও প্ৰথম অৱস্থাত পালকসকলে আপত্তি দৰ্শাইছিল ৷
যোৰহাট জিলা আয়ুক্ত পুলক মহন্তৰ নিৰ্দেশ ক্ৰমে পশু আইন, ২০০৯ ৰ ধাৰা ৬ (১) ৰ "সংক্ৰামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণ" ৰ অধীনত নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত কৰে ৷ ফলত নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত গাহৰি পালকৰ লগতে বিক্ৰী আদি সম্পূৰ্ণ ৰূপে বন্ধৰ কৰা নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে ।