অসম

assam

ETV Bharat / state

আজিৰে পৰা আৰম্ভ ঐতিহাসিক ফাটবিহু : জাত জাত বিহুনামৰ ধ্বনিৰে মুখৰিত ম’হঘূলি চাপৰি - Phata Bihu in Assam

PHAT BIHU AT DHAKUAKHANA : লোকে লোকাৰণ্য ম’হঘূলি চাপৰি ৷ চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত ম'হঘূলি চাপৰিত আৰম্ভ হৈছে ঐতিহাসিক ফাটবিহু ৷

PHATA BIHU CELEBRATION
আৰম্ভ হ’ল ফাটবিহু (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 10, 2024, 4:46 PM IST

ম'হঘূলি চাপৰিত আৰম্ভ হৈছে ঐতিহাসিক ফাটবিহু (ETV BHARAT ASSAM)

ধেমাজি, 10 মে’ :10 মে’ৰ পৰা 12 মে’ লৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখানাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত ম'হঘূলি চাপৰিত আৰম্ভ হৈছে ঐতিহাসিক ফাটবিহু ৷

লোকে লোকাৰণ্য হৈ পৰিছে ঢকুৱাখানা নগৰৰ লগতে চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘূলি চাপৰি ৷ বিহুস্থলীত হাজাৰ হাজাৰ লোকৰ সমাগম পৰিলক্ষিত হৈছে ৷ অগণন বিহুপ্ৰেমীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা দলৰ জাত জাত বিহুনাম, ম’হৰ শিঙৰ পেঁপাৰ মাতত আকাশ-বতাহ মুখৰিত হৈ পৰিছে ম’হঘূলি চাপৰি ৷

শুকুৰবাৰে পুৱা 9 বজাত উদযাপন সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ফাটবিহুৰ কাৰ্যসূচী ৷ ইয়াৰ পিচতেই স্মৃতি তৰ্পণ, বিহু দলসমূহক আদৰণি, মঞ্চ মুকলি, টকা বিহু আৰু চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হয় ৷

শনিবাৰে পুৱা কপৌফুল আৰু গছপুলি ৰোপণৰ পিছতে শিপিনীসকলৰ মাজত গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ 10.30 বজাত ফাটবিহুক লৈ প্ৰথমবাৰৰ বাবে নিৰ্মিত এখনি তথ্যচিত্ৰ মুকলি কৰিব ঢকুৱাখানাৰ অতিৰিক্ত জিলা আয়ুক্ত কাৰ্তিক কলিতাই ৷

উল্লেখ্য যে, এইবাৰ ফাটবিহু সমিতিয়ে মূল তোৰণৰ সমীপত বিহুপ্ৰেমী লোকে কাপোৰ সলাবৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা কৰাৰ লগতে এখন জাতীয় সাজ-পাৰৰ বিপণীৰো ব্যৱস্থা কৰিছে ৷ প্ৰায় 35 লাখ টকাৰ বাজেটেৰে আয়োজন এইবাৰৰ ফাটবিহুত দুই লক্ষাধিক অতিথিক সেৱা-শুশ্ৰূষা কৰিবলৈ সাজু হৈছে আয়োজক সমিতিৰ লগতে ঢকুৱাখানাবাসী ৷

অসমৰ বিহু সংস্কৃতিৰ এক স্বকীয়তা ৰক্ষা কৰি অতীজৰে পৰা চলি অহা ঢকুৱাখানাৰ ঐতিহাসিক ফাটবিহু হ'ল বিভিন্ন জাতি- জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ৰো এক লোক উৎসৱ ৷

চলিত বৰ্ষৰ ফাটবিহুত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন শৈলীৰ বিহু প্ৰতিযোগিতা আয়োজনৰ লগতে এইবাৰ ফাটবিহু সমিতিয়ে জাতীয় সাজ-পাৰৰ বিপণী, ফাটবিহুৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে ৷ লগে লগে এতিয়া ফাটবিহুত অংশগ্ৰহণৰ বাবে সাজু হৈছে ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলাৰ লগতে চেমনীয়াসকল ৷

লগতে পঢ়ক :বিহু ফাংশ্যনত গাঁত খান্দি বোকাত নচাক লৈ চিন্তিত অভিনেতা অৰুণ হাজৰিকা - Actor Arun Hazarika Bihu Dance

ABOUT THE AUTHOR

...view details