যোৰহাট, 27 জুন :নিৰপৰাধী এজন যুৱকক অপৰাধী সজাই তিতাবৰ আৰক্ষীয়ে চলাইছিল অকথ্য নিৰ্যাতন ৷ এক গ্ৰেণেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত কোনো তথ্য-প্ৰমাণ নথকাকৈ যুৱকজনক শাৰীৰিকভাৱে অপদস্থ কৰি ঠেলি দিয়া হৈছিল মৃত্যুৰ মুখলৈ ৷ এই কথাই প্ৰমাণ কৰিলে গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত তদন্তকাৰী সংস্থা NIAই দাখিল কৰা অভিযোগনামাই ৷ যি অভিযোগনামাত নাম নাই আৰক্ষীৰ অত্যাচাৰত অপমানিত হৈ আত্মহত্যা কৰা দীপাংকৰ গগৈৰ নাম ৷
ইয়াৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে তিতাবৰ থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে তিতাবৰবাসীয়ে ৷ প্ৰতিবাদকাৰীসকলে দীপাংকৰৰ মৃত্যুৰ ন্যায়ৰ লগতে যুৱকজনৰ পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি দিয়াৰ উপৰিও ঘটনাৰ বাবে দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় ৷ আৰক্ষীৰ উপস্থিতিতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে যোৰহাটস্থিত লিচুবাৰী সেনা ছাউনিত 2023ৰ 14 ডিচেম্বৰৰ নিশা ৭.২১ বজাত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছিল দীপাংকৰ গগৈক ৷ দীপাংকৰক তিতাবৰ আৰক্ষীয়ে থানালৈ নি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিচতে আত্মহত্যা কৰিছিল দীপাংকৰ গগৈয়ে ৷
লগতে পঢ়ক:ল’ৰাটোক হেৰুৱালো, অন্ততঃ ন্যায় হিচাপে সংস্থাপন এটা দিয়ক : দীপাংকৰ গগৈৰ মাতৃৰ কাতৰ আহ্বান